Understanding India (VAC1)(commerce, art's science students)

               সূচীপত্র



বিষয়
প্রথম অধ্যায় :-
ভাৰতবৰ্ষৰ সম্পৰ্কে ধাৰণা; প্রাচীন ভাৰতৰ সাহিত্য, বিজ্ঞান, ধর্ম আৰু দৰ্শন, শিক্ষা

The idea of Bharatvarsha; Ancient Indian Literature, Science, Religion and Philosophies, Education
      
            ১.১. . ভাৰতবৰ্ষ সম্পর্কে ধাৰণা (The Idea of Bharatvarsha):

ইতিহাসৰ ঊষাকালৰ পৰাই ভাৰত উপমহাদেশ এক পৃথক ভৌগোলিক সত্তাৰূপে বিৰাজমান;ইয়াত অৱস্থিত ভাৰতবৰ্ষ, পাকিস্তান, নেপাল, ভুটান, বাংলাদেশ আৰু শ্রীলংকা- এই ৰাষ্ট্ৰসমূহৰ উদয় হৈছে সাম্প্রতিক কালত। সেয়েহে প্রাচীন ভাৰতৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত আধুনিক ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক সীমাৰেখাক উপেক্ষা কৰি সমগ্র উপমহাদেশখনক এক অভিন্ন সত্তা ৰূপে পর্যালোচনা কৰাটো সমীচীন হ'ব। উত্তৰ, উত্তৰ-পশ্চিম আৰু উত্তৰ-পূবে যথাক্রমে ভাৰত মহাসাগৰ, আৰৱসাগৰ আৰু বঙ্গোপসাগৰৰ দ্বাৰা পৰিৱেষ্টিত ভাৰত উপমহাদেশ। পৰ্বত-পাহাৰ, নদ-নদী ইত্যাদি প্রাকৃতিক বাধা-নিষেধ আৰু যোগাযোগ ব্যৱস্থাৰ অসুচলতা সত্ত্বেও এই বিশাল ভূখণ্ডৰ ভৌগোলিক সত্তা অবিভাজ্য।

           ভাৰতবৰ্ষ সম্পর্কিত নামৰ পৰিচয় যীশুখ্ৰীষ্ট জন্মৰ বহুকাল আগৰ দেশী-বিদেশী গ্রন্থ আৰু লেখনীত পোৱা গৈছে। এই ক্ষেত্ৰত আমাৰ দৃষ্টিগোচৰ হোৱা প্ৰথম নামটো হ'ল 'ইন্দোই', যি পৰৱৰ্তী কালত 'ইণ্ডিয়া' নামে পৰিচিতি লাভ কৰে। খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ শেষৰ বা পঞ্চম শতিকাৰ আগভাগৰ গ্রীক ঐতিহাসিক তথা মিলিটাচ (Miletus)-ৰ অধিবাসী হেকাটেয়াচ (Hecataeus)-এ তেওঁৰ গ্রন্থ আৰু খ্রীষ্টপূর্ব পঞ্চম শতিকাৰ প্রসিদ্ধ গ্রীক পণ্ডিত হেৰোডোটাচ (Herodotus)-এ তেওঁৰ ইতিহাস গ্রন্থত 'ইন্দোই' শব্দৰ উল্লেখ কৰিছে। স্মৰণযোগ্য যে, হেৰোডোটাচে 'ইন্দোই'ক পাৰস্যৰ আকিমিনিয় (Achaemenid) বংশৰ শাসক প্রথম দৰায়ুচ (Darius I, BCE, 522-486)-ৰ শাসনাধীন সাম্ৰাজ্যৰ এক প্রদেশ বুলি উল্লেখ কৰিছে, যি নিশ্চিতভাৱে সমগ্ৰ ভাৰত উপমহাদেশক বুজোৱাৰ পৰিৱর্তে বৰ্তমানৰ সিন্ধুপ্রদেশকহে বুজাইছিল। কিন্তু ইয়াৰ পৰৱৰ্তী শতিকাসমূহত 'ইন্দোই'ৰ দ্বাৰা বুজোৱা হৈছিল অধিক ব্যাপকতৰ এলেকা। উল্লেখযোগ্য যে, খ্রীষ্টপূর্ব চতুর্থ শতিকাৰ শেষৰ ফালে মৌর্য ৰাজদৰবাৰলৈ অহা গ্রীক ৰাষ্ট্রদূত মেগাস্থিনিচে তেওঁৰ ভাৰত বিৱৰণ 'ইত্তিকা' গ্রন্থত পলিবোথাৰ (পাটলিপুত্ৰ) আৰু প্রাচিঅয় (প্রাচ্যদেশ) আৰু সুদূৰ দক্ষিণৰ পাণ্ডাইআ (পাণ্ডা) দেশকো 'ইন্দোই' (ইন্ডিয়া)ৰ অন্তর্ভুক্ত কৰিছিল। খ্ৰীষ্টপূর্ব তৃতীয় শতিকাৰ আন এজন গ্রীক গণিতজ্ঞ আৰু জ্যোতিষশাস্ত্রবিদ এৰ'থচথনিচ(Brotosthenes)-এর্ক ইন্দোই'ৰ অৱস্থিতি সম্পর্কে প্রায় অনুরূপ তথ্য প্রদান কৰিছে। সেয়েহে অনুমান কৰিব পৰা যায় যে এই পৰ্বৰ গ্ৰীক লেখকসকলে ইন্দোই বা ইন্ডিয়া বুলি কওঁতে সমগ্র ভাৰতীয় উপমহাদেশকে বুজাব খুজিছিল। বহু বিদেশী গ্রন্থ আৰু লেখনীত ভাৰতবৰ্ষ প্ৰসংগত 'ইন্দোই'ৰ উপৰি 'হিন্দু' নামৰ উল্লেখ পোৱা

যায়। পূর্বতে উল্লেখ কৰা পাৰস্যৰ আকিমিনিয় শাসক প্রথম দৰায়ুচৰ 'নকচ্-ই-কস্তম' (Naqs-1- Rustam) লিপিত তেওঁৰ শাসনাধীন বর্তমান সিন্ধুপ্রদেশক বুজাবলৈ 'হিন্দু' নাম ব্যৱহাৰ কৰা হৈছিল। মুঠতে প্রাচীন 'ইন্দোই', 'হিন্দু', 'হিন্দুস্তান' আৰু আধুনিক 'ইণ্ডিয়া' নামৰ উৎপত্তি হৈছে নিশ্চিতভাবে সিন্ধু নদীৰ নাম অনুসৰিয়েই। প্রসঙ্গক্রমে উল্লেখ কৰিব পাৰি যে, কেইবাখনো পাৰস্য আৰু আৰবদেশীয় গ্রন্থত উল্লেখ থকা হিন্দুস্তান নামটোরে প্রথমতে নিম্ন সিন্ধু অঞ্চলক বুজাইছিল যদিও ক্রমান্বয়ে ই সমগ্র ভাৰতীয় উপমহাদেশৰ অৰ্থত ব্যৱহৃত হ'বলৈ লয়। মন কৰিবলগীয়া যে সিন্ধু নদীৰ পঞ্চশাখা- বিতস্তা (ঝিলাম), বিপাশা, শতদ্রু, ৰৱী (ইৰাৱতী) আৰু চেনাবক একেলগে কোৱা হৈছিল 'পঞ্চসিন্ধু'। আর্যসকলে এই দেশত স্থায়ী বসতি স্থাপন কৰি পঞ্চসিন্ধুৰ লগত গঙ্গা আৰু যমুনাকো যুক্ত কৰি তেওঁলোকৰ নতুন জনপদৰ নামকৰণ কৰে 'সপ্তসিন্ধু'। উল্লেখযোগ্য যে, ফ্যান ই (Fan Ye)-ইৰ চীনা গ্রন্থ হৌ-হান-শু (Hou Han-Shu)-ত উল্লিখিত 'সেন-তু' আৰু 'তিয়েন চু' নামে পোনপ্রথমে নামনি সিন্ধু অঞ্চলক বুজোৱা হৈছিল যদিও পিছলৈ অন্ততঃ খ্রীষ্টীয় সপ্তম শতিকাৰ আগভাগৰ পৰাই এই নাম দুটাৰ ভৌগোলিক সীমাভুক্ত হৈছিল সম্ভৱতঃ সমগ্ৰ ভাৰত উপমহাদেশ।

মৌর্য শাসনকালত সম্ভৱতঃ সমগ্ৰ ভাৰতীয় উপমহাদেশখন 'জম্বুদ্বীপ' নামে পৰিচিত আছিল। মৌর্য সম্রাট মহামতি অশোক (খ্রীঃ পূঃ ২৭৩-২৩৬)ৰ ক্ষুদ্রগিৰি শিলালিপিত তেওঁৰ অধিকৃত বিশাল সাম্রাজ্যক 'জম্বুদ্বীপ' বুলি উল্লেখ কৰিছে। উল্লেখনীয় যে, সুদূৰ দক্ষিণ, সুদূৰ উত্তৰ-পূৱ আৰু বেলুচিস্তানৰ কিছু অংশ বাদ দি প্রায় সমগ্র উপমহাদেশ আৰু আফগানিস্তানৰ কিছু অংশও অশোকৰ সাম্ৰাজ্যৰ অন্তর্ভুক্ত আছিল। মৌর্য পৰৱৰ্তী যুগত জম্বুদ্বীপৰ পৰিধি বৃদ্ধি পায় আৰু ভাৰতীয়সকলৰ জ্ঞাত আৰু কল্পিত জগত বা মহাদেশৰ নাম ৰূপে জম্বুদ্বীপ ব্যৱহৃত হয়। অগ্নি, মৎস্য আৰু পদ্মপুৰাণ তথা দিব্যবদান, মহাবংশ প্রভৃতি গ্রন্থত ভাৰতীয় উপমহাদেশ বুজোৱা অৰ্থত জম্বুদ্বীপৰ ব্যৱহাৰ হোৱা লক্ষ্য কৰিব পাৰি। তদুপৰি মহাভাৰতৰ (খ্রীঃ পূঃ ৪০০- খ্রীঃ ৪০০) ভীষ্মপৰ্বৰ বৰ্ণনা অনুসৰি চাৰিটা মহাদেশসূচক দ্বীপৰ এটা হ'ল জম্বুদ্বীপ আৰু জম্বুদ্বীপৰ এক বর্ষ বা অংশৰ নাম হ'ল- ভাৰতবৰ্ষ। তদুপৰি খ্ৰীষ্টপূর্ব প্রথম শতিকাৰ মাজভাগমানৰ ছেদী বংশৰ শাসনাধীন কলিঙ্গৰ ৰজা খাৰভেলৰ হাথিগুম্‌ফা লিপিত 'ভৰধবষ' বা ভাগৰভৰ্ষ (ভাৰতবৰ্ষ)ৰ উল্লেখ আছে। এনেদৰে দেখা যায় যে, সুপ্রাচীন কালৰপৰাই বিভিন্ন দেশী-বিদেশী গ্রন্থ আৰু লেখনীত ভাৰতীয় উপমহাদেশখনক বুজাবলৈ বিভিন্ন নামৰ ব্যৱহাৰ এটা

হৈছিল আৰু লগতে এই বিশাল ভূখণ্ডৰ জাতিগত ঐক্যৰ ইংগিত বহন কৰিছিল। প্রাচীন কালৰ ভাৰতবৰ্ষৰ সংক্ষিপ্ত অথচ অতি সুন্দৰ ভৌগোলিক অবস্থান বর্ণিত হৈছে বিষ্ণুপুৰাণৰ শ্লোকৰ জৰিয়তে নিম্ন উল্লিখিত ধৰণে
 
    উত্তৰং যৎ সমুদ্রস্য হিমাদ্রেশ্চৈব দক্ষিণ। বর্ষং তদ ভাৰতং নাম ভাৰতী যত্ৰ সন্ততিঃ।।

এই শ্লোকটিৰ মূল অৰ্থ হ'ল সমুদ্ৰৰ উত্তৰে আৰু হিমালয়ৰ দক্ষিণে যি দেশ অৱস্থিত তাৰ নাম ভাৰত আৰু ইয়াৰ অধিবাসীসকল 'ভাৰতী' (ভাৰতীয়) নামে পৰিচিত। মন কৰিবলগীয়া যে, পণ্ডিতসকলৰ মতে ভাৰত নামে এক প্রাচীন উপজাতি অথবা ভাৰত নামে এক ৰজাৰ পৰা 'ভাৰত' বা 'ভাৰতবৰ্ষ' নামৰ উৎপত্তি হৈছে। কালক্ৰমত ভৌগোলিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰা ভাৰতবৰ্ষ এখন দেশ আৰু ভাৰতীয় (ভাৰতী) হৈ পৰিল এটা জাতিৰ নাম। সেয়েহে ভাৰতীয় জাতিৰ সন্ধান নৃতত্ত্ব বা ইউৰোপীয় 'জাতি-ৰাষ্ট্ৰ' (Nation State) সংক্ৰান্তৰ অধ্যয়নৰ মাজত পোৱাটো সম্ভব নহয়, ইয়াক চিহ্নিত কৰিব পাৰি ভাৰতীয়সকলৰ ধ্যান-ধাৰণাৰ পৰিমণ্ডলত। বিশাল ভাৰতীয় উপমহাদেশৰ সীমা পূবৰ পৰা পশ্চিমলৈ প্ৰায় ২,৫০০ মাইল আৰু উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় ২,০০০ মাইল বিস্তৃত। এই ভূখণ্ডৰ আয়তন প্রায় ১,৮০০,০০০ বর্গমাইল; অর্থাৎ ৰাছিয়াক বাদ দি ইউৰোপৰ সমগ্র বাকী অংশ অথবা গ্রেটব্রিটেইনক বিছ গুণ কৰিলে যি এলেকা ওলাব, তাৰ সমান আছিল অবিভক্ত ভাৰতীয় উপমহাদেশৰ আয়তন।
     উপৰিউক্ত আলোচনাৰ উপৰি ভাৰতবৰ্ষ সম্পর্কে এক প্রকৃত ধাৰণা বা ভাবমূর্তি অনুধাৱন কৰিবলৈ হ'লে আমি এই মহান দেশখনৰ নিম্ন উল্লিখিত বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজন। আছে। এই বৈশিষ্ট্যসমূহৰ অধিকাংশই আকৌ অনাদি কালৰপৰাই ভাৰতবৰ্ষৰ ইতিহাসক প্ৰভাৱিত কৰা প্রত্যক্ষ কৰিব পাৰি।

প্রথমতে, ভাৰতবৰ্ষৰ নৃ-তাত্ত্বিক গুরুত্ব অসাধাৰণ। ঐতিহাসিক ভিনচেন্ট স্মিথে (V. A. Smith) সংগত কাৰণতেই তেওঁৰ 'অক্সফ'র্ড হিস্ত্রী অব ইন্ডিয়া' (Oxford History of India)ত ভাৰতক 'নৃতাত্ত্বিক জাদুঘর' আখ্যা দিছে। যুগে যুগে এই দেশলৈ আহিছে অসংখ্য বিদেশী- আর্য ভাষাভাষী গোষ্ঠী, পাচী, গ্রীক, শক, জন, কুষাণ, তুর্কী-আফগান, মোগল ইত্যাদি। আকৌ ভাৰতত বসবাস কৰিছে নানা গোষ্ঠীৰ আদিবাসী- দ্রাবিড়, চাওতাল, কোল, ভীল, মুণ্ডা ইত্যাদি। এই বিভিন্ন জনগোষ্ঠীসমূহৰ আছে বিভিন্ন ভাষা, বিভিন্ন সংস্কৃতি আৰু বিভিন্ন আচাৰ-অনুষ্ঠান। আকৌ বিদেশীসকলৰ মাজৰ অনেকে ভাৰতবৰ্ষত স্থায়ীভাবে বসবাস কৰিবলৈ ল'লে। এই নৃ-তাত্ত্বিক বৈচিত্র্যসমূহে গৱেষকসকলক বিশেষভাৱে আকর্ষণ কৰে। ভাৰতত পূৰ্বৰে পৰা থকা জনগোষ্ঠী আৰু বিভিন্ন কালত আহি এই দেশত বসবাস কৰা বিদেশীসকলৰ সকলোৰে মাজত পৰস্পৰৰ লগত মিলা-মিছা, বৈবাহিক সম্পর্ক স্থাপন ইত্যাদি ক্রিয়া-প্রতিক্রিয়াই এই লোকসকলক একেলগ কৰি ভাৰতীয় মহাজাতিৰ সৃষ্টি কৰে। এই ক্ষেত্রত অৱশ্যে দুই এক ব্যতিক্রমবাদে বেছিভাগ জনগোষ্ঠীয়েই তেওঁলোকৰ সকলো বৈশিষ্ট্যসহ বিশাল ভাৰতীয় জনসমাজত মিলি গৈছে। ভাৰতীয় মহাজাতিৰ এই গঠন প্রক্রিয়া বিশেষভাবে কৌতূহল

উদ্দীপক। দ্বিতীয়তে, বিশ্বৰ ধৰ্মৰ ইতিহাসত ভাৰতবৰ্ষৰ গুৰুত্ব অসাধাৰণ। হিন্দুধর্ম, বৌদ্ধধৰ্ম আৰু জৈনধৰ্মৰ জন্মভূমি হ'ল ভাৰত। তদুপৰি বিভিন্নধৰণৰ ধৰ্মীয় মতবাদ, পন্থা আদিও বিকশিত হৈছিল এই দেশতে। ইয়াত বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোকে বিভিন্ন ধর্মীয় আদর্শ, আচাৰ ৰীতি-নীতি পালন কৰাৰ লগতে নিজস্ব ধর্মগ্রন্থ ৰচনা কৰিছে। কিন্তু তৎসত্ত্বেও বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ মাজত তেনেধৰণৰ সংঘাত বা বিৰোধ সৃষ্টি হোৱা নাই। বাস্তৱিকতে বিভিন্ন ধর্মাবলম্বী লোকসকলে পৰস্পৰৰ মতাদৰ্শ আৰু ধর্মগ্রন্থক যথেষ্ট সম্মান আৰু শ্ৰদ্ধাৰে চায়। উল্লেখ্য যে, ভাৰতবৰ্ষত বিভিন্ন ৰাজবংশই শাসন কৰিছিল আৰু এই ৰজাসকল যি ধৰ্মপন্থাৰে নহওক লাগে তেওঁলোকে প্ৰজাসকলক জোৰ কৰি ৰাজধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা নাছিল। মুঠতে ধর্মীয় মতাদৰ্শৰ পাৰ্থক্য সত্ত্বেও সর্বধৰ্মৰ সাৰ্বজনীনতাৰ ৰূপটোৱে কেতিয়াও গুৰুত্ব হেৰুওৱা নাছিল। ধৰ্মৰ এই সংশ্লেষণ প্ৰক্ৰিয়া ভাৰতবৰ্ষৰ ধৰ্ম-জীৱনৰ এক লক্ষণীয় বৈশিষ্ট্য।

তৃতীয়তে, বিভিন্ন ভাষা আৰু বৰ্ণলিপিৰ উৎসভূমি ৰূপে ভাৰতবৰ্ষৰ এক বিশিষ্ট স্থান আছে। ভাৰতত আছে বাইছটা প্রধান ভাষা আৰু দুশৰো অধিক কথিত ভাষা। ইয়াৰ প্ৰত্যেকৰে সূচনা অতীতত। এই দেশত বসবাস কৰে চাৰিটা প্রধান ভাষাগোষ্ঠীৰ লোক- ইন্দো-এৰিয়ান, দ্রাবিড়, অষ্ট্ৰিক আৰু মঙ্গোলীয়। ইন্দো এৰিয়ানসকলৰ ভাষা হ'ল সংস্কৃত, যি এক কথাত আছিল উচ্চ বৰ্গৰ মানুহৰ ভাষা। উত্তৰ ভাৰতৰ বিভিন্ন ভাষা, যেনে- হিন্দী, মাৰাঠী, বাংলা, গুজৰাটী, অসমীয়া ইত্যাদি; আৰু দক্ষিণ ভাৰতৰ ভাষা, যেনে- তামিল, তেলেগু, কানাড়া, মালায়ালাম আদি ভাষা সংস্কৃতৰ দ্বাৰা প্ৰভাৱিত হৈছে। ভাৰতৰ প্রাচীন বর্ণমালা ব্রাহ্মী আৰু খৰোচীৰ পৰা আধুনিক বৰ্ণমালাৰ সৃষ্টি হৈছে। ব্রাহ্মীৰ পৰা আকৌ উদ্ভব ঘটিছিল দেবনাগরী লিপিৰ। উল্লেখনীয় যে ভাষাৰ ভিত্তিত আধুনিক ভাৰতত সংহতি স্থাপনৰ প্রচেষ্টা দেখা যায়। কিন্তু এই প্রচেষ্টা আমি মৌর্য শাসকসকলৰ দিনতে প্ৰথম আৰম্ভ হোৱা লক্ষ্য কৰিব পাৰোঁ। সেই কালত জনগণৰ মুখৰ ভাষা আছিল প্রাকৃত। সম্রাট অশোকে তেওঁৰ অনুশাসনসমূহত প্রাকৃত ভাষা ব্যৱহাৰ কৰি প্ৰাচীন ভাৰতত ভাষাগত সংহতি স্থাপনৰ অসাধাৰণ দৃষ্টান্ত দাঙি ধৰিছিল। গুপ্ত যুগত আকৌ সংস্কৃত ভাষা আছিল চৰকাৰী আৰু প্ৰধান ভাষা। এক কথাত ক'বলৈ গ'লে গুপ্ত শাসকসকলৰ দিনবোৰ আছিল সংস্কৃত ভাষাৰ সোণালী যুগ। কিন্তু গুপ্ত ৰজাসকলে সংস্কৃত ভাষাক পৃষ্ঠপোষকতা কৰিছিল যদিও সাম্ৰাজ্যৰ প্রতিটো অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠীক তেওঁলোকৰ স্থানীয় বা আঞ্চলিক ভাষা ব্যৱহাৰ কৰিবলৈ স্বাধীনতা দিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ভাষাৰ বিকাশ আৰু সমৃদ্ধি হোৱাৰ লগতে ভাষাগত বৈচিত্র্য প্রকাশিত হৈছিল। এনেদৰে ভাষাগত স্বাধীনতাই ভাষাগত সংহতিৰ প্রতিষ্ঠাত অৰিহণা যোগোৱাটো ভাৰতৰ ইতিহাসৰ এক লক্ষণীয় বৈশিষ্ট্য। অমৰাৱতী। প্রাচীন কালতেই ইয়াত উচ্চ

চতুৰ্থতে, অনাদি কালৰপৰাই ভাৰতবৰ্ষ বিভিন্ন সাহিত্যৰ মানদণ্ডৰ ধৰ্মগ্রন্থ, দর্শন গ্রন্থ, চিকিৎসাবিষয়ক গ্রন্থ ইত্যাদি ৰচিত হৈছিল। বেদ, উপনিষদ, সংহিতা, ব্রাহ্মণ, আৰণ্যক, বৌদ্ধ ত্রিপিটক, জাতক, জৈন 'আচাৰঙ্গ সূত্র' প্রাচীন ভাৰততে ৰচিত হৈছিল। ভাস, কালিদাস, শূদ্রক, বিশাখাদত্ত, বাণভট্ট প্রভৃতি কবি, লেখক, নাট্যকাৰসকলৰ ৰচনা ধ্রুপদী সাহিত্য ৰূপে আজিও সমাদৃত। তদুপৰি, ৰাজনীতি, বাস্তুশাস্ত্র, ব্যাকৰণ, অভিধান, গণিত, জ্যোতির্বিদ্যা, চিকিৎসাবিদ্যা ইত্যাদি নানা বিষয়ৰ উৎকৃষ্ট গ্ৰন্থৰ ৰচনাই সাহিত্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এক ঈর্ষণীয় স্থান প্রদান কৰিছে।

পঞ্চমতে, শিল্পকলা, ভাস্কর্য, স্থাপত্যৰ অপূর্ব স্রষ্টা ৰূপে ভাৰত সৰ্বকালৰ বিস্ময়ৰ কাৰণ হৈ আছে। অশোকস্তম্ভ ভাৰসূত, সাঁচী আৰু অমৰাৱতীৰ ৰূপৰ ভাস্কৰ্য, মথুৰা আৰু সাৰনাথৰ মূৰ্তিকলা, অজন্তাৰ চিত্ৰাৱলী আদিয়ে পৃথিৱীৰ বুৰঞ্জীত একক আৰু অনবদ্য স্থান দখল কৰি আছে।

ষষ্ঠতে, সামাজিক সংগঠন আৰু সামাজিক বিন্যাসৰ দিশৰ পৰাও ভাৰতবৰ্ষৰ গুৰুত্ব অনস্বীকার্য। প্রাচীন ভাৰততে গঢ় লৈ উঠা বর্ণব্যৱস্থা, জাতিভেদ প্রথা, চতুৰাশ্রম ইত্যাদি বিষয়সমূহ সমাজতাত্ত্বিকসকলৰ গৱেষণাৰ উৰ্বৰাক্ষেত্র। বিদেশী জাতিসমূহ ভাৰতীয় সমাজত কেনেদৰে মিশ্রিত বা অন্তর্ভুক্ত হ'ল সেই প্রক্রিয়াটোও বিশেষভাবে কৌতূহলোদ্দীপক।

সপ্তমতে, অর্থনৈতিক উদ্ভাৱনা, কৃৎকৌশল আৰু গতিশীলতাৰ দৃষ্টান্ত প্রাচীন কালৰপৰাই ভাৰতবৰ্ষই দাঙি ধৰিছে। কৃষি আৰু জলসিঞ্চন ব্যৱস্থাৰ উদ্ভাৱন আৰু বিকাশ, কপাহ আৰু ৰেছম শিল্প, লৌহ শিল্প, সোণ-ৰূপৰ কৰ্ম, হাতীদাঁত শিল্পকে আদি কৰি নানান ধৰণৰ কাৰিকৰী শিল্পত ভাৰতীয় কাৰিকৰসকলৰ নৈপুণ্যই আজিও বিশ্ববাসীক চমৎকৃত কৰে। অতীতৰ পৰাই দেশ-বিদেশত ভাৰতীয় পণ্যৰ চাহিদাৰ হেতু বিভিন্ন দেশৰ লগত ভাৰতৰ বাণিজ্যিক সম্পর্ক আছিল। সমুদ্রগামী জলযান নির্মাণত সিদ্ধহস্ত ভাৰতীয়সকল, বিশেষকৈ বণিকসকলে দূৰ দিগন্তৰ দেশৰ লগত বাণিজ্যত লিপ্ত হোৱাই নহয়, তেওঁলোকৰ বহুতে পাৰস্য উপসাগৰ অঞ্চল, মেচোপটেমিয়া আৰু মধ্য এছিয়াত বসবাসো কৰিবলৈ লৈছিল।
             অষ্টমতে, গণতান্ত্রিক চিন্তাধাৰাৰ পৰম্পৰাগত উপস্থিতিয়ে বর্তমান পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্র ভাৰতবৰ্ষক মহীয়ান কৰি তোলে। প্রকৃতপক্ষে প্রাচীন ভাৰততে গণতান্ত্রিক ভাৱধাৰা আৰু গণতান্ত্রিক প্রতিষ্ঠানৰ সাক্ষাৎ পোৱা যায়। ঋগ্বেদৰ যুগত আছিল 'সভা' আৰু 'সমিতি' নামে প্রতিনিধিত্বমূলক প্রতিষ্ঠান। সুদূৰ অতীতৰ পৰাই ভাৰতৰ শাসকসকলে জনমতক শ্রদ্ধা কৰাৰ লগতে জনকল্যাণক গুৰুত্ব দি আহিছে। স্বৈৰাচাৰী শাসন ইয়াৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰাৰ সময়তো আনকি স্বায়ত্তশাসন ব্যবস্থা কাৰ্যকৰী আছিল। মৌর্য আমোলত ত্ৰিছজন সদস্যৰ দ্বাৰা গঠিত এক সমিতিৰ হাতত পাটলিপুত্র মহানগৰীৰ পৰিচালনাৰ দায়িত্ব অর্পিত হৈছিল। গাঁওসমূহ অনাদিকালৰ পৰাই আছিল স্বয়ংশাসিত, অর্থাৎ গাঁওসমূহৰ শাসন আৰু বিচাৰ ব্যৱস্থা গ্রাম্যবাসীৰ হাততে ন্যস্ত আছিল। খ্রীঃপূর্ব ষষ্ঠ শতিকাত গঢ় লৈ উঠা মহাজনপদসমূহৰ কেইবাখনো আছিল গণৰাজ্য, যিবোৰ সংখ্যাগৰিষ্ঠৰ ভোটৰ দ্বাৰা শাসিত হৈছিল। পৰৱৰ্তী কালৰ দক্ষিণ ভাৰতৰ প্ৰসিদ্ধ চোল শাসন ব্যৱস্থাৰ অন্যতম বিশিষ্ট দিক আছিল স্বায়ত্তশাসন ব্যৱস্থা।

নৱমতে, ভাৰতবৰ্ষৰ মহান সভ্যতা-সংস্কৃতি ইয়াৰ ভৌগলিক সীমাৰেখাৰ মাজতেই সীমাৱদ্ধ হৈ থকা নাই। চীন আৰু দক্ষিণ-পূব এছিয়াৰ দেশ, যেনে- জাভা, সুমাত্রা, কাম্বোদিয়া, বর্ণিয়ো, বালি, চম্পা, শ্যাম, ব্রহ্মদেশ আদিৰ লগত ভাৰতবৰ্ষৰ গঢ়ি উঠিছিল ঘনিষ্ঠ সাংস্কৃতিক সম্পর্ক। ভাৰতৰ ধৰ্ম, বিশেষকৈ বৌদ্ধধর্ম, ভাৰতীয় ভাষা-সাহিত্য, শিল্প-স্থাপত্য আদিয়ে এই দেশসমূহত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। প্রসিদ্ধ ঐতিহাসিক আৰ. চি. মজুমদাৰে মতপোষণ কৰিছে যে, ইউৰোপক সভ্যতাৰ পোহৰলৈ অনাত গ্ৰীচদেশৰ যি বিশিষ্ট ভূমিকা আছিল, ঠিক সেইদৰে দক্ষিণ-পূব এছিয়াক সভ্যতা- সংস্কৃতিৰ পাদপ্রদীপলৈ অনাত ভাৰতবৰ্ষৰ সমানেই গুৰুত্বপূর্ণ ভূমিকা আছিল। ব্যাকত্রিয়া, খোটান ইত্যাদি মধ্য এছিয়াৰ দেশসমূহৰ ওপৰত ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱৰ কথা চীনা পৰিব্রাজক ফাহিয়ানৰ ভ্রমণ বৃত্তান্তৰ পৰা জানিব পাৰি। ভাৰতীয় ধৰ্মপ্ৰচাৰকসকলে চীন, তিব্বত, জাপান, কোৰিয়া, সিংহল প্রভৃতি দেশত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাহিনী সর্বজনবিদিত।

শেষত, বৰ্তমান বিশ্ববাসীৰ অৱস্থিতিৰ বাবে সর্বাধিক প্রত্যাহ্বানমূলক বিষয় পৰিৱেশ আৰু বন্যপ্রাণী সংৰক্ষণৰ বিষয়টোৱে ভাৰতবাসীৰ মানসিকতাক সুদূৰ অতীতৰ পৰাই প্ৰভাৱান্বিত কৰা প্রতীয়মান হৈছে। ভাৰতীয় লোকগাথা, পৌৰাণিক কাহিনী, শাস্ত্র, প্রাচীন কাব্যগ্রন্থ আৰু ঐতিহাসিক ৰচনাত অসংখ্য বন্যপ্রাণী আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ উল্লেখ পোৱা যায়। ব্যাধৰ তীৰ নিক্ষেপত মৃত্যু হোৱা ক্রৌঞ্চ (সাৰেং) পক্ষীৰ শোকত মহর্ষি বাল্মীকিৰ আক্ষেপ "মা নিষাদ” সম্ভৱতঃ আছিল বন্যপ্ৰাণীৰ প্ৰতি সহানুভূতিৰ এক সনাতন ভাৰতীয় আদৰ্শৰ মহান প্রতিফলন। 'ঋগ্বেদ' আৰু 'যজুর্বেদ'তো সার্বজনীন কল্যাণৰ বাবে পাৰ্থিৱ পৰিৱেশত জীৱৰ লগত শান্তিভাৱ ৰখাৰ বিষয়ে কোৱা হৈছে। 'উপনিষদ' আৰু 'আৰণ্যক' গ্রন্থতো প্রকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি মানৱপ্ৰীতিৰ বিশেষ উল্লেখ পোৱা যায়। খ্রীঃ পূঃ ষষ্ঠ শতিকাৰ প্রাচীন বৌদ্ধ আৰু জৈন ধৰ্মত জীৱহত্যা গর্হিত অপৰাধ ৰূপে ঘোষিত হৈছে। অৱশ্যে সম্রাট অশোকৰ ৰাজত্বকালতহে প্রথম লিখিতভাৱে বন আৰু বন্যপ্রাণী সংৰক্ষণ সংক্রান্ত আইন প্রণীত হয়। তেওঁ আইন কৰি ভাটো, ময়না, ৰঙা ৰাজহাঁহ, সাৰেং, পৰুৱা, সৰু কাছ, কাঁইটবিহীন‌ মাছ, গাঁড় আৰু যিবোৰ চতুষ্পদী প্রাণী মানুহৰ খাদ্য নহয় বা ব্যৱহাৰৰ অযোগ্য, সেইবোৰৰ হত্যা নিষিদ্ধ কৰে। এই আইনত অৰণ্য নষ্ট কৰা আৰু অগ্নিদগ্ধ কৰাৰ ওপৰত কঠোৰ বাধা-নিষেধ আৰোপ কৰা হয়। মুঠতে, খ্রীঃ পূঃ তৃতীয় শতিকাতে মহামতি অশোকৰ অনুশাসনসমূহত সর্বপ্রথম সম্ভৱতঃ কেইবাবিধো পশু-পক্ষী, মাছ আৰু কীট-পতঙ্গৰ সংৰক্ষণৰ বিষয়ে উল্লেখ কৰিছে। বহুতো গৱেষকৰ মতে, সম্ভবতঃ অশোকেই পশু আৰু পক্ষীৰ নিৰ্ভয় বিচৰণৰ উদ্দেশ্যে সর্বপ্রথম অভয়াৰণ্য স্থাপন কৰিছিল। সেই একে শতিকাৰে কৌটিল্যৰ 'অর্থশাস্ত্ৰ'ত বন্যপ্রাণী ৰক্ষা কৰাৰ বিষয়ে আলোকপাত কৰা হৈছে। উল্লেখযোগ্য যে, পৰৱৰ্তী কালৰ খ্ৰীষ্টীয় পঞ্চম শতিকাৰ মহাকবি কালিদাসৰ নানান কাব্যগ্রন্থত বন্যপ্রাণীৰ জীৱনধাৰা আৰু এইবোৰৰ প্ৰতি মানবিক সহানুভূতিৰ মনোজ্ঞ বিৱৰণ প্ৰত্যক্ষ কৰিব পাৰি। তেওঁৰ ৰচিত প্রসিদ্ধ 'অভিজ্ঞান শকুন্তলম'ত হৰিণ চিকাৰত ৰজা দুষ্মন্তৰ প্রতি এক তপোবনবাসীৰ উক্তি এই প্রসঙ্গত উল্লেখযোগ্য- "আপোনাৰ অস্ত্ৰ আৰ্তজনৰ ত্ৰাণৰ বাবেহে, নিৰীহৰ প্ৰতি অত্যাচাৰৰ বাবে নহয়।" তদুপৰি কালিদাসৰ অন্যান্য প্রসিদ্ধ ৰচনা 'কুমাৰ সম্ভৱ', 'মেঘদূত', 'ঋতুসংহাৰ' আদিত প্ৰায়ে বন্য পৰিবেশত প্ৰাণীৰ বৰ্ণনা (বিশেষকৈ সাৰেং, হংস) আৰু এইবোৰৰ প্ৰতি থকা মানৱিক সহানুভূতিৰ ইংগিত পোৱা যায়।

প্রকৃতপক্ষে, প্রকৃতি আৰু মানুহ পৰস্পৰৰ লগত মিলি গৈ গঢ়ি তুলিছে ভাৰতবৰ্ষৰ বিচিত্ৰ জনজীৱন আৰু সংস্কৃতি, বৈচিত্র্য হ'ল ভাৰতীয় জীৱনৰ মৌল উপাদান। বৈচিত্র্যৰ এই বহিৱৰণৰ আঁৰতে আছে মৌলিক ঐক্য। অধ্যাপক ৰাধাকুমুদ মুখার্জীয়ে তেওঁৰ 'ফাণ্ডামেন্টেল ইউনিটি অব ইণ্ডিয়া' (Fundamental Unity of India) গ্রন্থত লিখিছে যে, ভাৰতবৰ্ষৰ এই বৈচিত্র্য হ'ল প্রাকৃতিক, জাতিগত, ভাষাগত, ধর্মীয় আৰু সামাজিক। ভাৰতবৰ্ষত সকলোধৰণৰ জলবায়ু পোৱা যায়, প্রচণ্ড গৰমৰপৰা প্ৰচণ্ড শীত আৰু নাতিশীতোষ্ণ জলবায়ু। প্রাকৃতিক বৈচিত্র্যইও বৈপৰীত্য সৃষ্টি কৰিছে। ভাৰতত আছে উৰ্বৰ গঙ্গা উপত্যকা আৰু আনহাতে ৰাজস্থানৰ থৰ মৰুভূমি। ভাৰতত সকলো জাতিগোষ্ঠীৰ লোক যেনেদৰে পোৱা যায়, ঠিক তেনেদৰে বিচিত্র প্রাণী আৰু উদ্ভিদৰ সমাৰোহ লক্ষ্য কৰিব পাৰি। ভাষাগত বৈচিত্র্যও ভাৰতত অনন্য। পৃথিৱীৰ সকলো ধৰ্মৰ মিলনস্থল হ'ল ভাৰতবৰ্ষ। ইয়াৰ প্ৰধান ধর্মসমূহ হ'ল হিন্দু, জৈন, বৌদ্ধ, ইছলাম, শিখ, পাচী আৰু খ্রীষ্টান। এইসকলৰ খাদ্য আৰু পোছাক- পৰিচ্ছদৰ ভিন্নতাই অধিক বৈচিত্র্য সৃষ্টি কৰিছে। তদুপৰি উত্তৰ আৰু দক্ষিণ ভাৰতৰ মানুহৰ জীৱনধাৰাৰ মাজতো বহু পার্থক্য প্রতীয়মান হয়। কিন্তু এই বৈচিত্র্যসমূহ সত্ত্বেও ভাৰতবৰ্ষত বিৰাজমান মৌলিক ঐক্য আৰু সমন্বয়ৰ ধাৰা। হিমালয়ৰ পৰা কন্যাকুমাৰী পর্যন্ত বিশাল ভূভাগক এক আৰু ঐক্যৱদ্ধ ভাৰতবৰ্ষ বুলি চিহ্নিত হৈছে। বহু মনীষীৰ মতে ভাৰতৰ এই ঐক্য হ'ল মূলতঃ ভাবগত আৰু বৌদ্ধিক। এই ঐক্য বস্তুগত নহয়। ভাৰতীয় সংস্কৃতি বহুত্ববাদী, জীৱন আৰু শক্তিশালী। ভাৰতীয় জীৱনধাৰাত বিদেশী উপাদানসমূহ মিলি যোৱাৰ লগতে তেওঁলোকৰ অৱদানে সমৃদ্ধ কৰি তুলিছে ভাৰতীয় সভ্যতাক। উল্লেখনীয় যে, বিদেশী অনুপ্রবেশ হোৱা সত্ত্বেও ভাৰতীয় সভ্যতাৰ মৌলিক চৰিত্ৰ অপৰিৱৰ্তিত হৈয়ে আছে। বিদেশীসকলে ভাৰতীয় সভ্যতাৰ মৌলিক কাঠামোৰ কোনো পৰিৱৰ্তন ঘটাব পৰা নাছিল। শ শ বছৰ ধৰি ভাৰতীয়সকল একেই প্রাকৃতিক অৱস্থাৰ মাজত বসবাস কৰিছে, সংস্কৃতিৰ একেই ধাৰাই‌ বহ্নিমান হৈ আছে। ঠিক এই কাৰণেই ভাৰতীয়সকলৰ মাজত ঐক্যবোধ অটুট আছে। ভাৰতীয় দার্শনিক, চিন্তাবিদ, কবি আৰু সাহিত্যিকসকলে যুগ যুগ ধৰি এই ভাবগত আৰু বৌদ্ধিক ঐক্য প্রতিষ্ঠাত অবদান যোগাই আহিছে। এওঁলোকে বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষৰ স্বতন্ত্র পৰিচয় গঢ়ি তুলিছে। এই পৰিচয় হ'ল অবিচ্ছেদ ঐক্যব।
                 

         (ক) প্রাচীন ভাৰতৰ সংস্কৃত সাহিত্য (Ancient Indian Sanskrit Literature): পৃথিৱীৰ সাহিত্যসমূহৰ ভিতৰত সংস্কৃত সাহিত্যই হ'ল আটাইতকৈ প্রাচীন। সংস্কৃত ভাষা ভাৰতবৰ্ষৰ

প্রাচীন ভাষা আৰু এই ভাষা প্রাচীন ভাৰতীয় আর্যভাষা ৰূপে পৰিচিত। সংস্কৃত ভাষা আৰু সাহিত্য যিদৰে প্রাচীন, সেইদৰে এই ভাষা সাহিত্যৰ পৰিক্ৰমা অতি দীঘলীয়া, সংস্কৃত সাহিত্য বুলিলে সংস্কৃত ভাষাৰ সকলো সাহিত্য অর্থাৎ বৈদিক আৰু লৌকিক এই দুটা প্রধান স্বৰূপৰ ভিত্তিত ৰচিত সকলো সাহিত্যকে সামৰি ল'ব পাৰি। পুৰণি সংস্কৃত ভাষাৰ সাহিত্য খ্রীঃ পুঃ ১৫০০ আৰু খ্রীঃ পূঃ ১০০০ৰ ভিতৰত ৰচনা হোৱা ঋব্দেৰ পৰা আৰম্ভ হয় বুলি অনুমান কৰা হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত অর্থাৎ খ্রীঃ পূঃ ষষ্ঠ আৰু চতুর্থ শতিকাৰ আশে-পাশে ব্যাকৰণবিদ পাণিনিৰ সময়লৈকে অনান্য গ্রন্থসমূহৰ ৰচনা হয়। বৈদিক সাহিত্যৰ অন্তর্ভুক্ত গ্রন্থসমূহ হ'ল- চতুর্বেদ অর্থাৎ ঋক্ যজুৰ, সাম, অথৰ্ব আৰু সংহিতা, ব্রাহ্মণ, আৰণ্যক, উপনিষদসমূহ। ইয়াৰ পৰৱৰ্তী সময়ত ৰচিত ৰামায়ণ, মহাভাৰত, পুৰাণ- উপপুৰাণ, কাব্য-সাহিত্য, গীতি-কাব্য, চম্পুকাব্য, নাট্যকাব্য, বৌদ্ধ সাহিত্য, অলংকাৰ শাস্ত্ৰৰ লগতে অন্যান্য গ্রন্থসমূহে সংস্কৃত সাহিত্যক সমৃদ্ধ কৰি ৰাখিছে। বৈদিক যুগতে নির্মাণ হোৱা সংস্কৃত সাহিত্যৰ ভেটিটোক কেন্দ্র কৰিয়েই এই সাহিত্যই বিস্তাৰ লাভ কৰিছিল। সেয়ে প্রাচীন ভাৰতৰ সংস্কৃত সাহিত্য বুলি ক'লে ঋব্দেৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ৰচিত দর্শন শাস্ত্রসমূহলৈকে আলোচনাৰ মজিয়ালৈ অনাটো সমীচীন হ'ব।

পণ্ডিত বিশ্ব নাৰায়ণ শাস্ত্রীদেৱে তেখেতৰ 'ভাৰতীয় সভ্যতা আৰু সংস্কৃতি' নামৰ গ্ৰন্থখনিত উল্লেখ কৰিছে- 'বৈদিক সভ্যতাৰ কাল ঋবেদৰ পৰাই নিৰ্ণয় হয়। ঋবেদ ইণ্ডো-এৰিয়ানহে নালাগে সমগ্ৰ আৰ্য জাতিৰ বুৰঞ্জীতে প্রাচীনতম লিখিত নিদর্শন। বৈদিক পৰম্পৰা মতে বেদ কোনো মানুহৰ ৰচনা নহয়, অপৌরুষেয়। গতিকে বেদৰ ৰচনাকাল স্মৰণাতীত। কৃষ্ণদ্বৈপায়ন মুনিয়ে কুৰুক্ষেত্ৰ যুদ্ধৰ আগে আগে বেদ সংকলন আৰু বিভাগ কৰে।' গতিকে ইয়াৰপৰাই অনুমান কৰিব পাৰি যে, বেদৰ বাণীসমূহ গুরু-শিষ্যৰ মুখে মুখে চলি আহিছিল আৰু মুখে মুখে পৰম্পৰাগতভাবে চলি অহাৰ বাবেই বেদমন্ত্রসমূহক 'শ্রুতি' নামেৰে জনা যায়।

'বেদ' শব্দৰ অৰ্থ হ'ল জ্ঞান। বেদ শব্দটো নিষ্পন্ন হৈছে 'বিদ' ধাতুৰ পৰা। স্বামী দয়ানন্দ সৰস্বতীয়ে বেদৰ ব্যাখ্যা এইদৰে আগবঢ়াইছে- 'য'ৰ পৰা মানুহে সত্যবিদ্যা জানে অথবা লাভ কৰে, অথবা বিচাৰ কৰে, অথবা বিদ্বান হয়, অথবা সত্যবিদ্যা প্রাপ্তিৰ বাবে য'ত প্রবৃত্ত হয়, সেইবোৰেই 'বেদ'।' যাজ্ঞবল্ক্যৰ মতে, 'প্রত্যক্ষ নাইবা অনুমানৰ জৰিয়তে যি জ্ঞান লাভ কৰাৰ কোনো বাট নাই সেই অতীন্দ্রিয় জ্ঞান 'বেদ'ৰ পৰা অনায়াসে লাভ কৰিব পাৰি বাবে সেই গ্রন্থ 'বেদ' নামেৰে অভিহিত।' জ্ঞান লাভ কৰিব পৰা বেদ শাস্ত্রক শ্রুতি, ত্রয়ী, আগম, ছন্দস্ আদি নামেৰেও জনা যায়। বেদ মূলতঃ চাৰিখন- ঋক্, যজুৰ, সাম আৰু অথর্ব। বেদৰ প্ৰধান ভাগ দুটা মন্ত্র আৰু ব্রাহ্মাণ। মন্ত্র শব্দটিৰ মূল উৎস হ'ল 'মনন্'। 'মন্ত্র' শব্দটিৰ তিনিপ্ৰকাৰৰ অৰ্থৰ কথা পোৱা যায়- (ঞানার্থক, বিচাৰাৰ্থক আৰু সৎকাৰাৰ্থক। যাৰদ্বাৰা ঈশ্বৰীয় আদেশসমূহ জানিবলৈ পোৱা যায় সেয়াই মন্ত্র। মন্ত্রসমূহ পদত বচিত, অন্যহাতে, 'ব্রাহ্মহ্মণ' গদ্যত ৰচিত। ব্রাহ্মণসকলে যজ্ঞ আদিৰ কাৰ্যসমূহ সম্পাদন কৰিছিল। সেই কাৰ্যসমূহ লিপিবদ্ধ কৰা গ্রন্থকে 'ব্রাহ্মণ' বোলা হৈছে। প্রতিখন বেদৰে চাৰিটাকৈ ভাগ আছে- সংহিতা, ব্রাহ্মহ্মণ, আৰণ্যক আৰু উপনিষদ।

পৃথিৱীৰ প্ৰাচীন ৰচনা ঋবেদত দহ হেজাৰৰো অধিক ঋক্ (ছন্দোবদ্ধ মন্ত্র) আৰু এহেজাৰ সূক্ত (বেদমন্ত্র, বেদৰ একোটি সম্পূর্ণ বন্দনাগীত বা কেইবাটাও ঋক্ৰ সমষ্টি) আছে। ঋবেদৰ মন্ত্রসমূহত ধর্মীয় স্তুতি-প্রার্থনাতকৈ পৃথিৱীৰ সৌন্দৰ্য আৰু প্ৰকৃতিৰ শক্তিৰ বৰ্ণনা আছে। ৰচনাৰ বিচিত্ৰতাৰ বাবে ঋব্দেৰ মন্ত্ৰসমূহৰ মাজত কাব্যিক মূল্য বিচাৰি পোৱা যায়। আচাৰ্য কুমাৰিল ভট্টই 'তন্ত্রকার্তিক' নামৰ গ্রন্থত 'সামবেদ'ত আঠখন ব্রাহ্মণ পোৱা যায় বুলি উল্লেখ কৰিছে। 'সামবেদ'ত অশুভ, অমংগল, অনিষ্ট আদিৰ বৰ্ণনাৰ লগতে তাৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় আৰু বিবিধ অনুষ্ঠানৰ কথা, পৰলোক আদিৰ উল্লেখ আছে। এইসমূহৰ লগতে যাগ-যজ্ঞ, জীৱাত্মা-পৰমাত্মাৰ সম্পৰ্ক, বেদান্তৰ গভীৰ তত্ত্ব, বিশ্ব সৃষ্টি, বিশ্ব-ব্ৰহ্মাণ্ডৰ নিয়ন্ত্ৰণ আৰু বিশ্বৰ স্বৰূপৰ কথা বৰ্ণনা কৰিছে। হৰমোহন দেৱ গোস্বামীদেবে তেখেতৰ 'সংস্কৃত সাহিত্যৰ বুৰঞ্জী' গ্রন্থখনিত উল্লেখ কৰিছে- 'ভ্ৰমণ'ৰ অৰ্থ গীত বা মাধুর্য, ধৰ্ম সংস্কাৰৰ লগে লগে স্তুতিবোৰৰো আৱশ্যকতা অনুভৱ কৰা হ'ল আৰু ফলত সৃষ্টি হ'ল কবিত্বপূৰ্ণ আৰু সুৰযুক্ত কবিতাৰ। সামবেদৰ উৎপত্তিৰ কাৰণো এইটোৱেই।' 'যজুর্বেদ' দুটা শাখাত বিভক্ত- শুক্লযজুর্বেদ আৰু কৃষ্ণযজুর্বেদ। এইখনি বেদত সমসাময়িক সময়ৰ শাসন ব্যৱস্থা, সমাজ ব্যৱস্থা আদিৰ লগতে যাগ-যজ্ঞৰ বিৱৰণ আৰু সগুণ আৰু নির্গুণ ব্রহ্ম উল্লেখ আছে। 'অথর্ববেদ'ৰ আদি নাম 'অথর্বাঙ্গিৰ বেদ'। এই বেদ এখন ব্রাহ্মণ আৰু তিনিখন উপনিষদৰ সমষ্টি। এই বেদত গুৰু-শিষ্যৰ সম্পৰ্ক, গুৰুৰ প্ৰতি ভক্তি, আচাৰ-ব্যৱহাৰ আদিৰ বৰ্ণনা আছে। ইয়াৰ লগতে আছে বিশ্ব-ব্রহ্মাণ্ডৰ সৃষ্টি আৰু পৰম পুৰুষৰ দ্বাৰা নিয়ন্ত্রণ, ধ্যান আৰু ঈশ্বৰৰ সাক্ষাতত কিদৰে কৰ্মবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰি, তাৰ উল্লেখ। বৈদিক স্তৰতে ৰচনা হোৱা উপনিষদ, আৰণ্যক, ব্রাহ্মণ আদি গ্রন্থসমূহেও প্রাচীন সংস্কৃত ভাষা আৰু সাহিত্যক সমৃদ্ধ কৰি ৰাখিছে।

বৈদিক সাহিত্যৰ পৰৱৰ্তী সময়ত ৰচিত ৰামায়ণ আৰু মহাভাৰত প্রাচীন সংস্কৃত ভাষাৰ মহাকাব্য। বৰুণৰ দশম পুত্ৰই সংগদোষত পৰি অসৎ কর্মত লিপ্ত হৈছিল। অৱশেষত তেওঁৰ জ্ঞানোদয় হয় আৰু ধর্মীয় জীৱন-যাপন কৰে। সেইগৰাকী বৰুণ পুত্র বাল্মিকীয়ে ৰচনা কৰে আদিকাব্য 'ৰামায়ণ'। গছৰ ডালত বহি থকা এহাল ক্রৌঞ্চ পক্ষীৰ তাৰে এটিৰ ব্যাধৰ শৰত শৰবিদ্ধ হৈ মৃত্যু হোৱাত শোকাভিভূত বাল্মিকীয়ে তেওঁৰ মনত উদ্রেক হোৱা বিষাদ-বেদনাৰে মনৰ ভাৱক ব্যক্ত কৰিছিল,

'মা নিষাদ প্রতিষ্ঠাং ত্বমগম শ্বাশ্বতীঃ সমাঃ।

যৎ ক্রৌঞ্চমিথুনাদেকমবধী কামমোহিতম্।।বাল্মিকীৰ এই শ্লোকছন্দই জগতৰ প্ৰথম কবিতাৰূপে পৰিচিত। ব্রহ্মাৰ আদেশমর্মে বাল্মিকীয়ে আদিকাব্য 'বামায়ণ' খনি ৰচনা কৰিছিল। 'বামায়ণ' সাতোটা কাণ্ড আৰু পাঁচশ অধ্যায়ত ৰচিত। ৰামায়ণত সৰ্বমুঠ ২৪,০০০ টা শ্লোক আছে। ভাৰতীয় মহাকাব্য দুখন মহাভাৰত আৰু ৰামায়ণৰ ভিতৰত ৰামায়ণখনি আয়তনত সৰু। কিন্তু সংস্কৃত কাব্য-সাহিত্যত ৰামায়ণে সবাতোকৈ গুৰুত্বপূর্ণ স্থান দখল কৰি আছে। কাৰণ ৰামায়ণে যুগে যুগে ভাৰতীয় মানুহৰ চিন্তন-মননত প্রভাৱ বিস্তাৰ কৰি আহিছে। ৰামায়ণ ৰচনাৰ পৰৱৰ্তী সময়ত অনেক গৰাকী সংস্কৃত কাব্যকাৰে ৰামায়ণৰ আধাৰত গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সাহিত্যৰ বুৰঞ্জীত উল্লেখ আছে, সংস্কৃত ভাষাত ৰচিত ৰামায়ণখনি পোনতে তামিল ভাষালৈ অনুদিত হৈছিল। প্ৰাকৃশংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে দ্বাদশ শতিকাতে বাল্মিকীৰ ৰামায়ণখনি অসমীয়া ভাষালৈ অনুবাদ কৰে। অনূদিত এই ৰামায়ণখনিয়ে উত্তৰ ভাৰতীয় আর্যভাষাৰ প্ৰথমখনি অনূদিত ৰামায়ণৰ স্বীকৃতি লাভ কৰে। ইয়াৰ এশ বছৰৰ পাছতহে বংগদেশত 'কৃত্তিবাসী ৰামায়ণ' (বাংলা ভাষাত) আৰু তুলসী দাসে 'ৰামচৰিত মানস' (হিন্দী ভাষাত) অনুবাদ কৰে। 'ৰামায়ণ'ৰ নায়ক শ্ৰীৰামচন্দ্ৰ যিদৰে এগৰাকী আদর্শ পুৰুষ, সেইদৰে ৰামচন্দ্ৰৰ পত্নী সীতাদেবী এগৰাকী ভাৰতীয় আদর্শ নাৰী। এই মহাকাব্যখনিত ভাৰতীয় সমাজ-জীৱনৰ চিত্ৰ চিত্রিত হৈছে। 'ৰামায়ণ' ভাৰতীয় সমাজ আৰু সভ্যতাৰ প্রতীক। উইন্টাৰনিৎসৰ মতে, 'ৰামায়ণে ভাৰতীয়ৰ জাতীয় জীৱনত যুগে যুগে যি প্ৰভাৱ বিস্তাৰ কৰি আহিছে, পৃথিৱীৰ আন কোনো সাহিত্যই কোনো জাতিৰ ওপৰত সিমান প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।' ৰামায়ণৰ ৰচনা কাল সম্পর্কেও পণ্ডিতসকলৰ মাজত মতবিৰোধ থকা দেখা যায়। 'সংস্কৃত সাহিত্যৰ বুৰঞ্জী'ত হৰমোহন দেৱ গোস্বামীয়ে উল্লেখ কৰিছে- 'জনশ্রুতি মতে বেদৰ ৰচনাৰ পিছত 'ৰামায়ণ' ৰচনা হয় আৰু ইয়াৰ কলেৱৰ বৃদ্ধিৰ বাবে প্রায় ৫০০ খ্রীঃপূঃলৈ অনেক কথা যোগ দিয়া হয়। পণ্ডিতসকলে এক পৰম্পৰা ৰাম আৰু বাল্মিকীক সমকালীন বুলি মানি লয়। ..... কিছুমান পাশ্চাত্য পণ্ডিতে ইয়াৰ ৰচনাকাল ১৫০০ খ্রীঃ পূঃ বুলি ক'ব বিচাৰে।' পাশ্চাত্য পণ্ডিত এ. শ্লেগেল আৰু ডি. গোৰেসিয়োৰ মতে, ৰামায়ণৰ ৰচনাৰ সময় ক্ৰমে ১১০০ খ্রীঃ পূঃ আৰু ১২০০ খ্রীঃ পূঃ। মোনেল চাহাবৰ মতে, ৪০০ খ্রীঃ পূঃ হৈছে ৰামায়ণৰ ৰচনাৰ সময়। ৰামায়ণৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে সংস্কৃত সাহিত্যত ৰামায়ণক কালজয়ী সাহিত্যৰূপে চিহ্নিত কৰিছে।

ভাৰতবৰ্ষৰ ইতিহাস হিচাপে প্রখ্যাত 'মহাভাৰত' আনখন ভাৰতীয় মহাকাব্য। এই মহাকাব্যৰ কলেৱৰ অতি বিস্তৃত। মহাভাৰতত ওঠৰটা পৰ্ব বা খণ্ড আছে। ব্যাসদেৱে ৰচনা কৰা মহাভাৰতৰ মাজত কৌৰৱ-পাণ্ডৱৰ জীৱন-কথাৰ বৰ্ণনাৰ লগতে হিন্দুধৰ্মৰ এখনি পূৰ্ণ আৰু বিস্তৃত ৰূপ দেখা যায়। ইয়াৰ লগতে আছে জীৱনৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ। এইখনি ধৰ্মগ্রন্থই ভাৰতবৰ্ষৰ ইতিহাসক সামৰি ৰখাৰ লগতে ভাৰতীয় সংস্কৃতিৰ স্বৰূপক সামৰি ৰাখিছে। মহাভাৰতৰ পৰ্বসমূহক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ৰ কবিসকলে গীত, কাব্য, নাট্য আদি সাহিত্যৰ ৰচনা কৰে। কৃষ্ণদ্বৈপায়ন সংযোজিত হয় আৰু ইয়াৰ কলেৱৰ বৃদ্ধি পায়। বেদব্যাসে মহাভাৰত ৰচনা কৰাৰ পাছৰ সূত আৰু চাৰণসকলে ৰচনা কৰা বীৰগাথা আৰু গীত সংযোজিত হয় ইয়াৰ কলেৱৰ ব‌ৃদ্ধি পায় । 
 পঞ্চম বেদরূপে খ্যাত 'মহাভাৰত'ৰ কাহনীৰ মূল উদ্ভৱ আৰু এই কাব্যৰ মূল ৰূপ কি আছিল, এই সম্পর্কে বিভিন্নজন পণ্ডিতৰ মাজত মতবিৰোধ থকা দেখা যায়। পাশ্চাত্য পণ্ডিত উইন্টাৰনিৎসে মন্তব্য কৰিছে যে, 'মহাভাৰতৰ কাহিনীৰ মূল ৰূপ পোনপ্রথমে কেৱল বীৰগীতৰ ৰূপত প্রচলিত আছিল। সেই গীতবোৰকে সংকলন, সংশোধন আৰু ব্যৱস্থাপন কৰি কৃষ্ণদ্বৈপায়ন বেদব্যাসে মহাভাৰত ৰচনা কৰে।' মহাভাৰতৰ ৰচনাৰ সময় সম্পর্কে মত আগবঢ়োৱা পণ্ডিত, দার্শনিকসকলৰ মাজৰ কুমাৰিল ভট্টই খ্ৰীঃ ৭০০ৰ আগৰ বুলি মতপোষণ কৰিছে। বাণভট্টই তেওঁৰ ৰচনাৱলীত মহাভাৰতৰ উল্লেখ 'কৰিছে। বাণভট্টৰ সময় ৬৫০ খ্রীষ্টাব্দ। গতিকে ৬৫০ খ্রীষ্টাব্দৰ পূর্বে মহাভাৰতৰ ৰচনা হোৱা বুলি অনুমান কৰিব পাৰি। 'উইনটাৰনিৎসে মহাভাৰতৰ ৰচনাকাল সম্পর্কে কেইটামান ঐতিহাসিক কথাৰ উদ্ধৃতি কৰি বৈদিক যুগতেই মহাভাৰতৰ আৰম্ভণি বুলি কয়। মহাভাৰতৰ অনেক নীতিমূলক সূক্ত আৰু কথা জৈন-বুদ্ধ সম্প্ৰদায়ৰ লগত সংবন্ধিত আৰু ইয়াৰ সময় ৬০০ খ্রীঃ পূঃ' (হৰমোহন দেৱ শর্মা- 'সংস্কৃত সাহিত্যৰ বুৰঞ্জী')।

মহাভাৰতৰ বিষয়বস্তু মূলতঃ ৰাজনৈতিক আৰু পাৰিবাৰিক। মহাভাৰতৰ পৰ্বসমূহৰ মাজত ত্যাগ, বৈৰাগ্য, ক্ষমা, দয়া, হিংসা, ক্রোধ, উদাৰতা আদি বিবিধ গুণ সমাবেশিত হৈ আছে। ইয়াৰ লগতে ধর্ম, দর্শন, পুৰাণ, স্মৃতি, ইতিহাস, কাব্যগুণ আদিৰেও এইখনি গ্রন্থ সমৃদ্ধ। 'সমকালীন ভাৰতৰ ইতিহাস, দর্শন, সমাজ, সংস্কৃতি, সভ্যতা, শিক্ষা, ৰাজনতি, অর্থনীতি, যুদ্ধ কৌশল, কূটনীতিকে ধৰি জ্ঞান- বিজ্ঞানৰ সমস্ত ভাণ্ডাৰ মহাভাৰতত একত্ৰিত হৈ আছে'- (তুলনামূলক ভাৰতীয় সাহিত্য- নীৰাজনা মহন্ত বেজবৰা)।

প্রাচীন ভাৰতৰ ইতিহাস আৰু সংস্কৃত ভাষা আৰু সাহিত্য সমৃদ্ধ কৰি ৰখা পুৰাণসমূহৰ এক বিশিষ্ট স্থান আছে। হিন্দু ধৰ্মৰ মূল আধাৰ স্বৰূপ পুৰাণসমূহে প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক সামৰি ৰাখিছে। 'পুৰাণ' শব্দৰ অৰ্থ হ'ল পুৰণি আখ্যান। বহুজনৰ মতে, পুৰাণসমূহ হ'ল ব্ৰহ্মাৰ বাণী। আমাৰ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো পুৰাণসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। পুৰাণ কেইখন, পুৰাণসমূহৰ ৰয়চিতা কোন এই সম্পৰ্কত পণ্ডিতসকলৰ মাজত মতবিৰোধ আছে। পুৰাণৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল- ধৰ্মৰ দৃষ্টিৰে লক্ষ্য কৰিলে পুৰাণসমূহ 'বেদ'বিহিত ধৰ্মৰ সহজ-সৰল ৰচনা। পুৰাণসমূহৰ জৰিয়তে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু সমাজৰ স্বৰূপ নিৰ্ণয় কৰিব পাৰি। পুৰাণসমূহৰ মাজত ব্ৰহ্মা, বিষ্ণু অথবা মহেশ্বৰ যিকোনো এজন দেৱতাৰ উপাসনাক গুৰুত্ব দিয়া হয়। পুৰাণসমূহৰ আন এটি বিশেষ বৈশিষ্ট্য হ'ল, মানৱ ধৰ্মৰ ভেটি সুদৃঢ় কৰা আৰু মানৱতাৰ জয়গান ঘোষণা কৰা। ভাৰতবৰ্ষৰ সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐক্যক অটুট কৰাৰ ক্ষেত্ৰতো পুৰাণসমূহৰ গুৰুত্ব লক্ষ্য কৰা যায়। বিষ্ণু পুৰাণৰ মতে পুৰাণ ওঠৰখন। মুছলমান পণ্ডিত আলবেৰুণীৰ মতেও পুৰাণ ওঠৰখন। গৰুড় পুৰাণত ওঠৰখন উপ-পুৰাণৰ নাম উল্লেখ আছে। পুৰাণ শব্দৰ প্ৰয়োগ প্রাচীন গ্রন্থসমূহত দুইধৰণে আছে- (১) বিশিষ্ট প্ৰকাৰৰ সাহিত্যিক ৰচনা আৰু (২) পুৰণি আখ্যান বর্ণিত গ্রন্থবিশেষ। পুৰাণসমূহৰ ভিতৰত অগ্নিপুৰাণ হ'ল প্ৰাচীন পুৰাণ। বিভিন্নজন পণ্ডিতৰ মতে অগ্নিপুৰাণৰ ৰচনাকাল চতুর্থ শতাব্দী বা তাৰ আগৰ বুলি অভিহিত কৰিছে। লোকমান্য তিলকৰ মতে, পুৰাণৰ ৰচনাকাল দ্বিতীয় শতিকাৰ আগৰ। পুৰাণ সম্বন্ধে যিসমূহ তথ্য পোৱা গৈছে তাৰে বহুবোৰ তথ্য কল্পানাপ্রসূত বুলি ধৰি লোৱা হৈছে।

প্রাচীন ভাৰতৰ সংস্কৃত সাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱা অশ্বঘোষ হ'ল এগৰাকী বৌদ্ধ সাহিত্যিক। দার্শনিক অশ্বঘোষ আছিল মহাৰাজ কণিষ্কৰ ৰাজসভাৰ কবি। অসীম কবিত্ব প্রতিভাৰ অধিকাৰী অশ্বঘোষ সম্পর্কে ড° স্মিথে মন্তব্য কৰিছিল এনেদৰে, 'অশ্বঘোষ একাধাৰে এজন কবি,

গায়ক, গবেষক আৰু ধার্মিক। নিজ লিখনীৰদ্বাৰা সাধাৰণ মানুহৰ বোধম্য কৰি বৌদ্ধধৰ্মৰ গূঢ় ৰহস্যবোৰ কাব্যময়ী ভাষাত প্ৰকাশ কৰি প্ৰচাৰ কৰিছিল'- (সংস্কৃত সাহিত্যৰ বুৰঞ্জী হৰমোহন দেৱ গোস্বামী, পৃঃ ৮৪)। অশ্বঘোষৰ ৰচনাৱলী- বজ্ৰসূচী মহাযানশ্রদ্ধোৎপাদক সংগ্রহ, গণ্ডীস্তোত্র ব্যাখ্যা আৰু সূত্ৰালংকাৰ। ইয়াৰ লগতে 'বুদ্ধচৰিত' আৰু 'সৌন্দৰানন্দ' নামৰ দুখন মহাকাব্য আৰু 'চৰিপুত্ৰ প্ৰকৰণ' নামৰ এখন নাটক ৰচনা কৰে। অশ্বঘোষৰ সমসাময়িকভাৱে সাহিত্য চর্চাত মনোনিৱেশ কৰা মাতৃচেতা, কুমাৰলাত, আৰ্য্যশূৰ আদি কবিৰ নাম উল্লেখযোগ্য। কোনো কোনো পণ্ডিতে মন্তব্য প্রকাশ কৰে যে মাতৃচেতা অশ্বঘোষৰেই আন এটি নাম।

কালিদাসৰ পূৰ্বৰ সময়ছোৱাত যিসকল কবিয়ে কাব্য ৰচনা কৰিছিল, কালিদাসৰ অসাধাৰণ কাব্য প্রতিভাৰ সমুখত সেই সকলোবিলাক ম্লান পৰি গৈছিল। প্রাচীন ভাৰতৰ সংস্কৃত সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াইছিল বৈয়াকৰণিক পাণিনিয়ে। তেওঁ 'পাতাল বিজয়' আৰু 'জাম্বৱতী জয়' নামৰ দুখন কাব্য ৰচনা কৰিছিল। ইয়াৰ লগতে পতঞ্জলি, বৰৰুচি, পিঙ্গল আদিয়েও সংস্কৃত কাব্যৰ ৰচনা কৰিছিল। কালিদাসৰ সময়ছোৱাক মহাকাব্য যুগ বুলি অভিহিত কৰা হৈছে। মহাকবি কালিদাসৰ সাহিত্য প্রতিভাই কেৱল ভাৰতবাসীকেই নহয়, বিশ্ববাসীকো প্রভাৱান্বিত কৰি থৈ গৈছে। বিভিন্ন পণ্ডিতৰ মাজত কালিদাসৰ জন্মভূমি আৰু সময়ক লৈ মতবিৰোধ ঘটা দেখা যায়। এইগৰাকী মহাকবিয়ে ৰচনা কৰা কাব্য-সাহিত্যই

প্রাচীন সংস্কৃত ভাষাৰ সাহিত্যত এক উল্লেখযোগ্য স্থান দখল কৰি আছে। কালিদাসৰ জন্মস্থান উজ্জয়িনী আৰু তেওঁ বিক্রমাদিত্য ৰজাৰ ৰাজসভাৰ কবি আছিল। কালিদাসৰ ৰচনা সম্ভাৰ হ'ল- ঋতুসংহাৰ, মালবিকাঅগ্নিমিত্র, কুমাৰ সম্ভৱ, বিক্রমোর্বশীয়, মেঘদূত, অভিজ্ঞান-শকুন্তলম আৰু ৰঘুবংশ। সংস্কৃত কাব্য-সাহিত্যক দুটা ভাগত ভাগ কৰিব পাৰি- দৃশ্যকাব্য আৰু শ্রব্যকাব্য। নাটক, ৰূপক

আদি দৃশ্যকাব্যৰ ভিতৰুৱা আৰু গদ্য, পদ্য আৰু চম্পু আদি শ্রব্যকাব্যৰ অন্তৰ্ভুক্ত। শ্রব্যকাব্যক আকৌ দুটা প্রধান ভাগত ভগাব পাৰি- মহাকাব্য আৰু খণ্ডকাব্য। কবি কালিদাসৰ ৰচনাসম্ভাৰক তিনিভাগত ভগাব পাৰি-

মহাকাব্য- ৰঘুবংশম্, কুমাৰসম্ভৱম্ গীতিকাব্য- মেঘদূতম্, ঋতুসংহাৰম্

দৃশ্যকাব্য- মালবিকাগ্নিমিত্রম্, বিক্রমোর্বশীয়ম, অবিজ্ঞানমশকুন্তলম্। ৰচিত আৰু এই কাব্যত ১৫৮ টা শ্লোক আছে।

কালিদাসৰ ৰঘুবংশম্ মহাকাব্যখনি ছটা সৰ্গত প্ৰতিটো সৰ্গতে ঋতুসমূহৰ সুন্দৰ বৰ্ণনা আছে। প্ৰকৃতিৰ মনোৰম দৃশ্য বৰ্ণনাৰ লগতে মানৱ প্ৰকৃতিৰসংযোগ ঘটোৱাত কালিদাসৰ কবিত্ব প্রতিভা উজলি উঠিছে। সেইদৰে কুমাৰসম্ভৱম্ কাব্যখনিত আছে

১৭ টা সর্গ। শিৱ আৰু সতীৰ কাহিনীৰে ৰচিত এইখনি কাব্যত পিতৃৰ দ্বাৰা অপমানিতা সতীৰ

দেহত্যাগ, সতীব বিবহত শিবৰ হিমালয়ত কঠোৰ তপস্যা, পিছৰ জন্মত মেনকাৰ গৰ্ভত উমাৰ জন্ম, পৰ্বতৰাজ হিমালয়ে তপস্যাৰত শিৱৰ ওচৰত উমাক থৈ অহাৰ বিস্তৃত বর্ণনা আছে। উমাৰ আন এটি নাম পাৰ্বতী। তাৰকাসুৰৰ উৎপাতৰ পৰা ৰক্ষা পাবৰ বাবে দেৱতাসকলে শিৱ আৰু পার্বতীৰ সন্তান কামনা কৰে। শিৱ-পাৰ্বতীৰ সন্তান কার্তিকে তাৰকাসুৰ অসুৰক নিধন কৰাৰ কাহিনী কুমাৰসম্ভবত সন্নিবিষ্ট হৈছে। 'মেঘদূত' কালিদাস ৰচিত এখনি খণ্ডকাব্য। ১৩০ টা শ্লোকৰ সমষ্টি এইখনি কাব্যত যক্ষই অলকাপুৰীত থকা নববিবাহিতা পত্নীলৈ মেঘৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছে। কাব্যখনিৰ কথনক দুটা ভাগত ভগোৱা হৈছে। পূর্ব-মেঘ আৰু উত্তৰ-মেঘ। পূর্বমেঘত বামগিৰিৰ পৰা অলকালৈ যোৱা পথৰ বৰ্ণনা আছে আৰু উত্তৰ-মেঘত অলকাপুৰীৰ সমৃদ্ধি আৰু সৌন্দৰ্যৰ বিৱৰণ দাঙি ধৰা হৈছে। 'ৰঘুবংশম্‌'ৰ কাব্যখনিত অযোধ্যাৰ সূৰ্যবংশীয় ৰজাসকলৰ জীৱন-কথাৰ বৰ্ণনা আছে। সেইদৰে মালবিকাগ্নিমিত্র, বিক্রমোর্বশীয়ম, অভিজ্ঞানমশকুন্তলম্ দৃশ্যকাব্য কেইখনিৰ মাজেৰে কালিদাসৰ কবিত্ব প্ৰতিভাৰ বিৰল স্বাক্ষৰ দেখিবলৈ পোৱা যায়। ভাৰতীয় সংস্কৃত সাহিত্যত কবি কালিদাস এগৰাকী অতুলনীয় কবি। তেখেতৰ ৰচনাশৈলীৰ মাজত ৰমণীয়তা, কমনীয়তা, চাৰুতা আৰু মনোহাৰিত্ব চমকপ্রদ। ভাৰতীয় সংস্কৃত সাহিত্যত কালিদাসোত্তৰ সময়ছোৱাত কেইবাগৰাকী কবিয়ে কাব্যৰচনাৰে সংস্কৃত সাহিত্যক জাতিষ্কাৰ কৰি তোলে। সেইসকলৰ ভিতৰত ভাৰবি, ভট্টি, মাঘ, শ্রীহর্ষ আদি কবিৰ নাম উল্লেখযোগ্য। মহাভাৰতৰ কাহিনীৰ আধাৰত ভাৰবিয়ে 'কিৰাতাজুনীয়' কাব্যখনি ৰচনা কৰে। ভাৰবিৰ কবিত্ব প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা কিৰাতাৰ্জনীয় কাব্যখনি ১৮ টা সৰ্গৰ সমষ্টি। ভট্টি ৰচিত 'ৰাৱণ বধ' কাব্য, মাঘৰ 'শিশুপাল বধ', শ্রীহৰ্ষৰ 'বিজয় প্রশস্তি', 'শির শক্তি সিদ্ধি', 'নৈষধ চৰিত' আদি সংস্কৃত সাহিত্যৰ উল্লেখযোগ্য কাব্যগ্রন্থ। এই কেইগৰাকী কবিৰ উপৰি এইছোৱা সময়ত সংস্কৃত সাহিত্যক প্রসিদ্ধি প্রদান কৰা আন কেইগৰাকীমান কবি হ'ল- বুদ্ধগোষ, ভীম, ৰত্নাকৰ, শিৱ গোস্বামী, অভিনন্দ, শংকুক, কুমাৰ দাস, থোমেন্দ্ৰ, মংখক, হৰিশ্চন্দ্ৰ, হেমচন্দ্র, বাগভট্ট, মাধব ভট্ট, চণ্ডিকবি, বিল্বমংগল,

সন্ধ্যাকৰ নন্দী, বিদ্যাপতি আদিৰ নাম উল্লেখযোগ্য। সংস্কৃত সাহিত্যৰ লিপি কাব্যসমূহৰ স্থান অতি গুৰুত্বপূৰ্ণ। সংস্কৃত ভাষাত বহুজনে গদ্য-পদ্য মিশ্রিত কাব্যৰ ৰচনা কৰে, যিসমূহৰ চানেকি শিলালিপিসমূহত দেখিবলৈ পোৱা যায়। এই শিলালিপিসমূহত খোদিত হৈ থকা লিপিসমূহৰ সাহিত্যিক, সাংস্কৃতিক আৰু ঐতিহাসিক মূল্য অধিক। এনে লিপি কাব্যসমূহৰ ভিতৰত উল্লেখনীয় হ'ল- এলাহাবাদ লিপি- এই লিপিত সমুদ্রগুপ্তৰ ৰাজকবি হৰিসেনে ৰজাক প্ৰশংসা কৰিছিল। ৰজা সমুদ্রগুপ্তৰ অসাধাৰণ ব্যক্তিত্ব, সৎকাৰ্যসমূহৰ পৰিচয় কবি হৰিসেনে দাঙি ধৰিছে। গদ্য-পদ্য মিশ্রিত এই লিপি কাব্যৰ মাজেৰে হৰিসেনৰ কবিত্ব প্রতিভাই বিকাশ লাভ কৰিছে। সেইদৰে গিৰণাৰ লিপি, নাসিক লিপি, মান্দাসৰ লিপি, নিধানপুৰ তাম্রলিপি আদি সংস্কৃত সাহিত্যৰ উল্লেখযোগ্য অবদান।

সংস্কৃত সাহিত্যত সপ্তম শতিকাৰ পৰা অষ্টদশ শতিকালৈ এইছোৱা সময়ত খণ্ডকাব্যসমূহৰ ৰচনা
হয়। অৱশ্যে অধিক সংখ্যক খণ্ডকাব্যৰে পাঠ পাবলৈ নাই। বেছিভাগেই সময়ৰ বুকুত লুপ্ত হৈ গৈছে। বিভিন্ন ইতিহাস গ্রন্থতহে খণ্ডকাব্যসমূহৰ নামৰ উল্লেখ আছে। ১০০ খ্রীঃ ৰচিত মাতৃচেতাৰ 'মহাৰাজ কণিষ্ক লেখা খনেই প্রথমখনি খণ্ডকাব্য বুলি জনা যায়। খণ্ডকাব্য বচয়িতাসকলৰ ভিতৰত আৰ্যসূৰে 'পৰিমিতা সমাস', চক্র কবিয়ে 'জানকী পৰিণয়', জিনসেনে 'পার্শ্বাভ্যুদয়', গুণভদ্রই 'আত্মানুশাসন', অভিনন্দই কাদম্বৰী-কথাসাৰ', ৰামচন্দ্ৰ ভট্টই 'ৰসিক-ৰঞ্জন', আচাৰ্য শুভচন্দ্ৰই 'চন্দ্ৰপ্ৰভ-চৰিত', 'জীৱনধৰ- চৰিত', 'ছন্দনা-কথা', 'নদীশ্বৰ কথা' আদি কেইবাখনিয়ো কাব্য ৰচনা কৰে। সেইদৰে প্ৰাচীন ভাৰতৰ ইতিহাস চর্চিত ঐতিহাসিক কাব্যসমূহৰ ৰচনা হয়। ইতিহাস চর্চিত কাব্যসমূহেও ভাৰতৰ সংস্কৃত সাহিত্যক ঐতিহ্য আৰু বিস্তৃতি প্রদান কৰিছে। ঐতিহাসিক কাব্যসমূহৰ ভিতৰত কেইখনিমান উল্লেখযোগ্য কাব্য হ'ল- বাণভট্টৰ 'হৰ্ষচৰিত', প্ৰৱৰসেনৰ 'সেতুবন্ধ', বাক্‌পতিৰাজৰ 'গউডবহো', কনকসেন বাদিৰাজ্যৰ 'যশোধৰ চৰিত', 'কলহনৰ 'ৰাজতৰঙ্গিনী', মহাকবি বিলহনৰ 'বিক্ৰমাঙ্গদেৱ চৰিত', জৈন আচাৰ্য হেমচন্দ্ৰৰ 'কুমাৰপাল চৰিত', যজ্ঞনাৰায়ণৰ 'সাহিত্য ৰত্নাকৰ' আৰু 'ৰঘুপতি-বিলাস', বাণেশ্বৰৰ 'চিত্রচম্পু' আদি।

গীতিকাব্য হ'ল সংস্কৃত সাহিত্যৰ এক উল্লখযোগ্য ৰচনা। সংস্কৃত সাহিত্যত গীতিকাব্যক প্রধানকৈ দুটা ভাগত ভগোৱা হৈছে- স্তোত্রকাব্য বা ভক্তিকাব্য আৰু শৃঙ্গাৰকাব্য বা সন্দেশকাব্য। সন্দেশ কাব্যক দূতকাব্য বুলিও জনা যায়। মহাকবি কালিদাস ৰচিত 'মেঘদূত' কাব্যখনেই দূতকাব্যৰ প্ৰথমখন কাব্য। কাব্যখনি মন্দাক্রান্তা ছন্দত ৰচিত। কালিদাসৰ এই 'মেঘদূত' কাব্যখনিয়ে বিশেষ জনপ্রিয়তা লাভ কৰে আৰু কাব্যখনি ভাৰতীয় ভাষাৰ বাহিৰেও ইংৰাজী, জার্মান, তিব্বতী আদি ভাষালৈ অনুদিত হৈছে। জার্মান পণ্ডিত মেক্সমূলাৰ আৰু আমেৰিকান পণ্ডিত আৰ্থাৰ ৰাইডৰে 'মেঘদূত' কাব্যখনিৰ হুবহু অনুবাদ কৰে। কালিদাসৰ 'মেঘদূত' কাব্যখনি সংস্কৃত ভাষাৰ এখনি বিৰল গ্রন্থ। কালিদাসৰ 'মেঘদূত' কাব্যক অনুকৰণ কৰি বিক্ৰম কবিয়ে 'নেমিদূত কাব্য', ধোয়ী বিৰচিত 'পৱনদূত' উল্লেখযোগ্য। সেইদৰে গীতিকাব্যৰ ভিতৰুৱা শৃঙ্গাৰ কাব্যসমূহৰ 'গাথাসপ্তশতী', 'ঋতুসংহাৰ', 'অমৰুশতক', 'গীতগোবিন্দ', 'নীতিশতক' আদি উল্লেখনীয় ৰচনা। স্তোত্রকাব্য বা ভক্তিকাব্যসমূহৰ ভিতৰত কালিদাসৰ 'শ্যামলা- দণ্ডক' অতি প্রাচীন। 'শিৱমহিন্ন স্তোত্র', 'স্তুতি কুসুমাঞ্জলি' আদি ভক্তিকাব্যসমূহ সংস্কৃত সাহিত্যৰ

উল্লেখযোগ্য ৰচনা। প্রাচীন ভাৰতৰ সংস্কৃত সাহিত্যৰ দীঘলীয়া পৰিক্ৰমাত সংস্কৃত গল্প-সাহিত্য, গদ্য-সাহিত্য, চম্পু- কাব্য, নাট্য কাব্য, কোষ-কাব্য, অলংকাৰ শাস্ত্র, ধর্মশাস্ত্র, দর্শন শাস্ত্র আদি গ্রন্থসমূহে সংস্কৃত সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি ৰাখিছে। বৈদিক যুগতেই গল্প-সাহিত্যৰ বীজ অংকুৰিত হোৱা সংস্কৃত সাহিত্যত পৰৱৰ্তী সময়ত ৰচিত গল্প-সাহিত্য ৰচনাৰ তিনিটা বিশেষ উদ্দেশ্যৰ কথা জনা যায়। অৱসৰ বিনোদন, চিত্তবিনোদ আৰু ৰাজকুমাৰসকলক শিক্ষা প্রদানৰ উদ্দেশ্য আগত ৰাখি ৰচনা হোৱা 'পঞ্চতন্ত্র', 'হিতোপদেশ' 'বেতালপঞ্চবিংশতি' আদি উপদেশমূলক নীতিকথাৰে ৰচিত সাহিত্য।

গদ্য-পদ্যময় ভাষাত ৰচিত চম্পু কাব্যসমূহ সংস্কৃত সাহিত্যৰ উল্লেখযোগ্য ৰচনা। দশম শতিকামানৰ পৰাহে এনে কাব্যসমূহৰ ৰচনা হয় বুলি জনা যায়। চম্পু কাব্যসমূহৰ বিষয়বস্তুৰ প্ৰকাশভংগী সৰল আৰু সাবলীল। সংস্কৃত সাহিত্যৰ কেইখনিমান উল্লেখনীয় চম্পুকাব্য হ'ল- ত্রিবিক্ৰমৰ 'নলচম্পু', সোমদেৱৰ 'যশক্তিলক চম্পু', ধাৰাপতি ভোজৰ 'ৰামায়ণ চম্পু', অনন্ত ভট্টৰ 'ভাগৱত চম্পু', মিত্রমিশ্রৰ 'আনন্দকাণ্ড চম্পু' আদি।

সংস্কৃত সাহিত্যত 'নাট্যকাব্য'ই এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। সংস্কৃত নাটকৰ প্রাচীনতা সম্পর্কে ঋক্, যজুৰ আদি বেদতে কিছু কিছু কথাৰ বৰ্ণনা আছে। ভৰত মুনি প্রণীত 'নাট্যশাস্ত্র'তে সংস্কৃত নাটক ৰচনাৰ সবিশেষ উল্লেখ আছে। সংস্কৃত সাহিত্যৰ প্রসিদ্ধ নাট্যকাৰসকলৰ ভিতৰত ভাস, কালিদাস, শূদ্রক, হর্ষবর্দ্ধন, ভৱভূতি, বিশাখদত্ত, ৰাজশেখৰ, ভট্টনাৰায়ণ, অনঙ্গ হর্ষ, জয়দেব আদি উল্লেখযোগ্য। এইসকল নাট্যকাৰে ৰচনা কৰা নাটকসমূহৰ ভিতৰত ভাসৰ 'স্বপ্নবাসৱদত্তা' এখন সর্বোৎকৃষ্ট নাটক। নাটকীয় কলা-কুশলতাৰ গুণেৰে সমৃদ্ধ নাটকখনিয়ে সকলোৰে মন মুগ্ধ কৰিছে। কালিদাসৰ মালবিকাগ্নিমিত্রম্, বিক্রমোর্বশীয়ম্, অভিজ্ঞান শকুন্তলম্, সংস্কৃত নাট্যকাব্যৰ উল্লেখযোগ্য আৰু শ্রেষ্ঠ নাটকৰূপে পৰিচিত। 'অভিজ্ঞান শকুন্তলম্' নাটকখনিৰ মাজেৰে কালিদাসৰ অতুলনীয় কবিত্ব প্রতিভাৰ পৰিচয় পোৱা যায়। সংস্কৃত নাট্যকাব্যত আন এখনি উল্লেখযোগ্য আৰু লোকপ্রিয় নাটক হ'ল শূদ্রকৰ 'মৃচ্ছকটিক'। ভৱভূতিৰ 'মালতী মাধৱ' নাটকখনিয়েও সংস্কৃত নাট্যকাব্যত এক সুকীয়া স্থান অধিকাৰ কৰি আছে। দহোটা অংকৰ সমষ্টি 'মালতীমাধৱ' নাটকখনিৰ বিষয়বস্তু মালতী আৰু মাধৱৰ প্ৰেমকথাৰ ওপৰত প্রতিষ্ঠিত। কূটনীতি বা ৰাজনীতিক বিষয়বস্তু হিচাপে লৈ বিশাখদত্তই ৰচনা কৰা 'মুদ্ৰাৰাক্ষক' এখনি উল্লেখযোগ্য নাটক। মুদ্রাৰাক্ষক নাটকখনিৰ বিষয়বস্তুৰ অভিনৱত্বই বিশেষ গুৰুত্ব লাভ কৰিছে। সেইদৰে ৰাজশেখৰৰ 'কপূৰমঞ্জৰী', ভট্টনাৰায়ণৰ 'বেণীসংহাৰ' আদিয়েও সংস্কৃত নাট্যকাব্যত বিশেষ অৱদান আগবঢ়াইছে। সংস্কৃত সাহিত্যত অলংকাৰ শাস্ত্ৰৰ ৰচনা আৰু শাস্ত্ৰৰ স্থান বিশেষ মন কৰিবলগীয়া। অলংকাৰ

শাস্ত্ৰৰ উৎপত্তি সম্পৰ্কে ৰাজশেখৰে 'কাব্য-মীমাংসা' গ্রন্থত বহুলভাৱে আলোচনা কৰিছে। ভৰতমুনিয়ে 'নাট্যশাস্ত্ৰ' ৰচনা কৰোঁতে গ্রন্থখনিত নাটকত যে ৰসেই প্রধান সেই বিষয়ে বিশদ আলোচনা দাঙি ধৰিছে। নাট্য আৰু অলংকাৰ শাস্ত্র বিষয়ক প্রাচীনতম গ্রন্থখনেই হৈছে 'নাট্যশাস্ত্র'। নাট্যশাস্ত্ৰ ৰচনাৰ পৰৱৰ্তী সময়ত ৰচিত ভমহৰ 'কাব্যালংকাৰ' এখনি শ্রেষ্ঠ গ্রন্থ। দণ্ডী, বামন, ৰুদ্ৰত, আনন্দবন্ধন, অভিনৱগুপ্ত, বিশ্বনাথ কবিৰাজ, ভোজৰাজ, মন্মট, ক্ষেমেন্দ্র, পণ্ডিতৰাজ জগন্নাথ আদিয়ে সাহিত্যৰ অলংকাৰ সম্বন্ধীয় গ্রন্থসমূহৰ ৰচনা কৰি কাব্যৰ বিচাৰ-বিশ্লেষণ কৰি দেখুৱাইছে। সাহিত্যৰ ৰস, গুণ, ৰীতি, ধ্বনি আদিৰ গুৰুত্ব সম্পর্কে আলংকাৰিকসকলে অলংকাৰ শাস্ত্ৰসমূহত নীতি-নির্দেশনা দাঙি ধৰিছে। অলংকাৰ শাস্ত্ৰসমূহৰ ৰচনাই সংস্কৃত সাহিত্যৰ গুৰুত্বক আৰু অধিক কৰি তুলিছে। বৈদিক কালৰপৰাই সংস্কৃত ধৰ্মশাস্ত্ৰসমূহৰ ৰচনা হৈছিল যদিও এনে ধর্মশাস্ত্ৰ ৰচনাৰ পৰম্পৰা

পৰৱৰ্তী সময়লৈকে চলি আছিল। ধর্মশাস্ত্ৰসমূহৰ আন এটা নাম হ'ল স্মৃতিশাস্ত্র। ৰামায়ণ, মহাভাৰত, পুৰাণসমূহে ধৰ্মশাস্ত্ৰ ৰচনাৰ ক্ষেত্ৰত বিশেষ অবদান আগবঢ়াই আহিছে। মহাভাৰতৰ শান্তিপৰ্বৰ আধাৰত সাতগৰাকী ঋষিয়ে 'চিত্র শিখণ্ডিশাস্ত্ৰ' ৰচনা কৰাৰ কথা 'সংস্কৃত সাহিত্যৰ বুৰঞ্জীত উল্লেখ আছে। মনুরে অতি সূক্ষ্মভাৱে ধৰ্ম সম্পর্কীয় বিষয়বোৰ বিচাৰ-বিশ্লেষণ কৰি ৰচনা কৰা ধৰ্মশাস্ত্ৰখনৰ নামমনুস্মৃতি'। মনুৰ পিছতেই 'স্মৃতিশাস্ত্র ৰচনাৰ ক্ষেত্ৰত যাজ্ঞবন্ধ্যর নাম উল্লেখযোগ্য। কপিল ৰচিত 'কাপল স্মৃতি, পৰাশৰ ৰচিত 'পৰাশৰ স্মৃতি', চণ্ডেশ্বৰৰ 'স্মৃতি ৰত্নাকৰ', ৰঘুনন্দৰ 'অগ্নিপৰীক্ষা, কমলাকৰ সিন্ধুৰ 'নির্ণয়সিন্ধু' আদি স্মৃতিশাস্ত্রস্ত্ৰবোৰে সংস্কৃত ধৰ্মকাব্যক টনকিয়াল কৰি ৰাখিছে। ভাৰতীয় জনজীৱনত ধর্মশাস্ত্রসমূহৰ প্রভাৱ অধিক। জনজীৱনৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ধর্ম-কর্ম আদিক এই শাস্ত্রসমূহে নির্দেশনা দিয়ে।

সংস্কৃত সাহিত্যত অর্থশাস্ত্র, কামশাস্ত্র, জ্যোতিষশাস্ত্র, আয়ুর্বেদ, দর্শন শাস্ত্র আদিবো উল্লেখযোগ্য ভূমিকা আছে। কৌটিল্যৰ অর্থশাস্ত্র, বাৎসায়নৰ কামশাস্ত্র, জগৎদেৱৰ জ্যোতিষশাস্ত্র আদিত জনজীৱনৰ লগত সম্পর্কিত বিষয়সমূহৰ আলোচনা আৰু বিষয়সমূহৰ জনজীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কথা লক্ষ্য কৰা যায়।

সংস্কৃত সাহিত্য এক বিশাল আৰু বর্ণাঢ্য সাহিত্য। এই সাহিত্যই এখন দেশৰ, দেশৰ জনগণৰ জীৱনধাৰা, সভ্যতা, সংস্কৃতি, চিন্তাধাৰাক সামৰি ৰাখিছে। ভাৰতবৰ্ষৰ প্ৰাচীন এই ভাষা-সাহিত্যই ঋবেদ ৰচনাৰ সময়ৰপৰা বৰ্তমানলৈকে এক বিশাল আৰু বিস্তৃতি ৰূপ পৰিগ্ৰহণ ভাষা-সাহিত্যৰ স্বকীয় মর্যাদাক অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। 
                         
                           গ্রন্থ:

১. সংস্কৃত সাহিত্যৰ জিলিঙনি: কামাখ্যাচৰণ ভাগৱতী।
 ২. সংস্কৃত সাহিত্যৰ বুৰঞ্জী: হৰমোহন দেৱগোস্বামী


                 (খ) পালি সাহিত্য (Pali literature):

সহায়ক গ্রন্থ:

১. সংস্কৃত সাহিত্যৰ জিলিঙনি: কামাখ্যাচৰণ ভাগৱতী। ২. সংস্কৃত সাহিত্যৰ বুৰঞ্জী: হৰমোহন দেৱগোস্বামী।

পণ্ডিতসকলৰ মতে খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকা বা তাৰ কিছু আগে-পিছে প্রাচীন ভাৰতীয় আর্য বা বৈদিক ভাষাৰ ৰূপ বিৱৰ্তন হৈছিল। এই বিৱৰ্তিত ৰূপটোক সামগ্রিকভাৱে 'প্রাকৃত' ভাষা বুলি অভিহিত কৰা হৈছিল। প্ৰাকৃত ভাষাৰ প্ৰথম সাহিত্যিক ৰূপ বুলি পালি ভাষাক গণ্য কৰা হয়। আন কথাত, বৈদিক ভাষাৰ পৰিৱৰ্তিত ৰূপক সামগ্রিকভাৱে 'প্রাকৃত' বুলি ক'লে, 'পালি' হ'ল এই প্ৰাকৃতৰ প্ৰাথমিক স্তৰৰ প্ৰথম সাহিত্যিক নিদর্শন। বৌদ্ধমতৰ হীনযান পন্থী বা স্থবিৰবাদীসকলৰ পৃষ্ঠপোষকতা আৰু চৰ্চাৰ জৰিয়তে পালি ভাষা বা সাহিত্যৰ বিকাশ হৈছিল বুলি গণ্য কৰা হয়। পালি শব্দৰ আক্ষৰিক অর্থ হ'ল 'এডাল ৰেখা' (a line) যদিও ইয়াক 'পাঠ' (Text) বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। 'পালি' শব্দৰ উৎপত্তি সম্পর্কে থকা নানা মত চালি-জাৰি চাই 'পাঠ' বা 'পালন কৰা' বা 'পংক্তি'ৰ পৰা 'পালি' শব্দৰ উদ্ভৱ বুলি কোৱা হয়। আনকথাত, য'ত বুদ্ধদেৱৰ বচনৰ পাঠ বা পংক্তি পালিত বা ৰক্ষিত সিয়েই পালি। প্রসঙ্গক্রমে উল্লেখ কৰিব পাৰি যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আচাৰ্য বুদ্ধঘোষৰ ৰচিত 'অশ্বকথা'ত পালি শব্দৰ প্ৰথম উল্লেখ পোৱা যায় আৰু ইয়াৰ অৰ্থ আছিল পাঠ বা Text। এই সূত্ৰ ধৰিয়ে গাইগাৰ (Gieger) এ কৈছে: "The word Pali signifies only 'text', sacred text." প্রকৃতপক্ষে বুদ্ধৰ মহাপৰিনিৰ্বাণৰ (খ্রীঃ পূঃ ৪৮৪) পিছতেই তেওঁৰ বচন বা উপদেশসমূহ সংকলন বা অবিকৃতভাৱে ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা অনুভূত হয়। কালক্ৰমত এইবোৰ যি পৰিমার্জিত ভাষাৰ ৰূপত সংকলিত হয় সিয়েই পালি নামে জনাজাত হয়। গতিকে পালি হ'ল প্রাচীন প্রাকৃতৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা বৌদ্ধধর্ম সাহিত্যৰ ভাষা। পালি ভাষাৰ বুদ্ধদেৱৰ উপদেশসমূহ প্রথম অৱস্থাত ভাৰতবৰ্ষত বৌদ্ধ ধর্মগুরুসকলৰ মুখে মুখে

শিষ্য পৰম্পৰাত যুগ যুগ ধৰি আছিল। মুখে মুখে ধর্মোপদেশ আবৃত্তি কৰাৰ প্ৰথা আছিল। সেইবিলাক ভিক্ষুসকলৰ মাজত প্রচলিত হৈছিল, কঠোৰভাৱে সেইবোৰ হৃদয়ঙ্গম কৰি স্মৃতিত ৰক্ষা কৰা হৈছিল। আনকি শব্দৰো কোনো সালসলনি কৰিব নোৱাৰিছিল। এনে কঠোৰতাৰ বাবেই বৌদ্ধ ধর্মোপদেশসমূহ যুগৰ পাছত যুগ ধৰি বিকৃতি নোহোৱাকৈ চলি আছিল। উল্লেখনীয় যে, পালি ভাষাৰ লিপিবদ্ধ ৰূপ কেতিয়াৰ পৰা হৈছিল সেয়া সুনিশ্চিত নহয়। অবশ্য সিংহলী সুত্রত উল্লেখ আছে যে সিংহল বা শ্রীলংকাৰ ৰজা ভট্ট গামিনি (Vatta Gamini) ৰাজত্বকালত আৰু বুদ্ধৰ মহাপৰিনিৰ্বাণৰ ৪৫৪ বছৰ পিছত ২৯ খ্রীঃপূঃ সিংহলী বর্ণমালাত পালি ত্রিপিটক (বৌদ্ধসকলৰ মূল ধর্মগ্রন্থ) প্রথম লিপিবদ্ধ হয়। বর্তমান যি পালি ত্রিপিটক পোৱা যায় সি সিংহলত লিপিবদ্ধ হোৱা ত্রিপিটকেই। খ্রীঃ পূঃ ৪৮৪ আৰু খ্রীঃ পূঃ ৩৮৪ ত হোৱা প্রথম আৰু দ্বিতীয় বৌদ্ধ মহাসভাৰ সময় পর্যন্ত লিখিত ৰূপত পালিৰ অস্তিত্ব নাছিল। কিন্তু সম্রাট অশোকৰ দিনত খ্রীঃ পূঃ ২৫৬ ত অনুষ্ঠিত তৃতীয় বৌদ্ধ মহাসভাত 'কথাবন্ধু' (Kathavatthu) নামে পালি ভাষাত লিখা গ্রন্থখন সম্পর্কে আলোচনা হোৱাৰ তথ্য পোৱা যায়। ২৪০ খ্রীঃ পূঃত লিখা এই গ্রন্থখন থেৰবাদী অভিধম্ম পিটকৰ সাতখন পুথিৰ ভিতৰত এখন বুলি জনা যায়। তদুপৰি অশোকে তেওঁৰ ভাৱৰূ-বৈৰাট (Bhabru-Bairat) শিলালিপিত ভিক্ষুসকলক 'আর্য-বাস', 'অনাগত ভয়', 'মুনিগাথা' আদি সাতখন ধর্মগ্রন্থ অধ্যয়ন কৰিবলৈ উপদেশ দিছে। মন কৰিবলগীয়া যে, এই সাতখন গ্ৰন্থৰ পাঁচখনেই পালি ভাষাত লিখিত। অশোকৰ নিজৰ লেখ আৰু সাঁচি আৰু ভাৰহুতৰ ৰূপৰ ওপৰৰ লেখৰপৰা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে খ্রীঃ পূঃ প্রথম তিনি শতাব্দীত পালি ভাষাত বৌদ্ধধর্ম গ্রন্থ ৰচনা কৰা হৈছিল।

পালি ভাষা আৰু সাহিত্যৰ বিষয়ে জানিবলৈ হ'লে আমি প্রধানকৈ দুটা কথা হৃদয়ংগম কৰাৰ প্রয়োজন আছে। প্রথম কথাটো হ'ল প্রতিটো ভাষাই দেশৰ কোনো এক অংশত সাধাৰণতে কথিত আৰু লিখিত ভাষা ৰূপে প্রচলিত হয়। কিন্তু পালি ভাষা ভাৰতৰ কোনো অঞ্চলৰে কথিত ভাষা নাছিল। দ্বিতীয়তে, পালি ভাষাত বৌদ্ধ সাহিত্যৰ বাহিৰে আন কোনো সাহিত্য ৰচিত হোৱা নাছিল। পালি ভাষাত বৌদ্ধধর্ম সাহিত্যৰ বাহিৰেও ভিন্নতৰ গ্ৰন্থ ৰচনাৰ প্ৰয়াস কৰা হৈছিল যদিও সকলোবোৰ পালি গ্রন্থ প্রত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে বৌদ্ধধৰ্মৰ লগত সম্পর্কিত আছিল। সেয়েহে পালি সাহিত্য বুলিলে বৌদ্ধ সাহিত্যকে বুজায়। কিন্তু বৌদ্ধ সাহিত্য বুলি ক'লে কেৱল পালি সাহিত্যকে নুবুজায়। কাৰণ, পৰৱৰ্তী কালত বৌদ্ধ পণ্ডিতসকলে মিশ্র সংস্কৃততো কিছুমান ধর্মমূলক সাহিত্য ৰচনা কৰিছিল। পালি ভাষাত ৰচিত বৌদ্ধ সাহিত্যৰ বিষয়বস্তুত সাধাৰণভাৱে দুভাগত বিভক্ত কৰিব পৰা যায়-

(১) বুদ্ধৰ বাণী আৰু (২) বুদ্ধৰ জীৱন। প্রথমভাগৰ বিষয়বস্তুত বৌদ্ধধৰ্ম আৰু দৰ্শনৰ গ্ৰন্থসমূহ পৰে। দ্বিতীয় ভাগত পৰে বুদ্ধৰ জীৱন আৰু জন্মান্তৰৰ কাহিনী তথা অন্যান্য উপকথা। প্রকৃতপক্ষে বুদ্ধই নিজে কোনো গ্রন্থই লিখি থৈ যোৱা নাছিল। কিন্তু তেওঁ সাধাৰণ লোকৰ বোধগম্য সহজ-সৰল প্রাকৃতভাষাতেই তেওঁৰ সমস্ত উপদেশ দান কৰিছিল। বোধ হয় বুদ্ধৰ এই প্ৰেৰণাতেই পালি ভাষা আৰু সাহিত্যৰ ব্যাপক বিকাশ হ'বলৈ ধৰে। পণ্ডিতসকলে বিষয়বস্তুৰ পৰিৱেশন আৰু ৰূপ (Form) অনুসাৰে প্রাচীন ভাৰতৰ পালি সাহিত্যক দুটা প্রধান ভাগত বিভক্ত কৰি পৰ্যালোচনা কৰিব বিচাৰে; সেই ভাগ দুটা হ'ল- (১) ত্রিপিটক (২) ত্রিপিটক-বহির্ভূত।

(১) ত্রিপিটক: পালি ভাষাত লিখা বৌদ্ধধৰ্মৰ মূল গ্রন্থ হ'ল ত্রিপিটক (তিপিটক)। ইয়াৰ অন্তৰ্গত তিনিখন 'পিটক'ৰ নাম হ'ল- 'বিনয় পিটক', 'সুত্ত পিটক' আৰু 'অভিধম্ম পিটক'। প্রকৃততে 'পিটক' শব্দৰ অৰ্থ হ'ল 'পাত্র' বা 'পেৰা' বা 'আধাৰ'। পালি সাহিত্যৰ বৰ্ণনা অনুযায়ী বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠিক পিছতে বুদ্ধৰ বাণী আৰু উপদেশসমূহ সংগ্ৰহ আৰু ৰক্ষা কৰাৰ লক্ষ্যৰে বৰ্তমান বিহাৰ ৰাজ্যৰ নালন্দা জিলাস্থিত ৰাজগৃহ নগৰৰ বৈভাৰ পৰ্বতৰ সপ্তপর্ণী নামে এক গুহাত পাঁচশ বৌদ্ধ ভিক্ষুৰ সমাবেশেৰে এক মহাসভা অনুষ্ঠিত হয়। ইয়াত উপালি নামৰ বুদ্ধৰ শিষ্যগৰাকীয়ে আচৰণ' সম্পৰ্কে যিখিনি কথা আবৃত্তি বা বিবৃত কৰিলে তাৰদ্বাৰা ৰচনা হ'ল 'বিনয় পিটক'ৰ। বুদ্ধদেৱৰ শিষ্যসকলৰ অন্যতম প্রধান আনন্দই 'ধর্ম' সম্বন্ধীয় যিবিলাক সূত্র বিবৃত কৰিলে তাৰ দ্বাৰাই সূচনা হ'ল 'সুত্ত পিটক'ৰ। থেৰ মহাকসম্পৰ (স্থবিৰ মহাকাশ্যপৰ) সভাপতিত্বত হোৱা এই বৌদ্ধ মহাসভাৰ বিৱৰণীত অভিধম্ম পিটকৰ নাম উল্লেখ নাথাকিলেও 'পিটক' যে তিনিখন সেই কথা জানিব পৰা যায়। সম্ভৱতঃ বুদ্ধৰ ধৰ্মোপদেশ, ভিক্ষুৰ জীৱন-যাপন প্রণালী বিষয়ক কথা, বৌদ্ধ দর্শনৰ বিভিন্ন দিশ শৃংখলিত ৰূপত সংগৃহীত হোৱাৰ পিছত এইবোৰ আধাৰ বা পাত্ৰ বুলি বিবেচনা কৰি 'পিটক' বুলি কোৱা হৈছিল। পাছত তিনিপিটকক একেলগে 'ত্রিপিটক' বা 'তিপিটক' বুলি অভিহিত কৰা হ'ল।)

(ক) বিনয় পিটকঃ বৌদ্ধ ভিক্ষু-ভিক্ষুণী বা শ্রমনসকলৰ অৱশ্যে পালনীয় বিধি-বিধানৰ সংকলন হ'ল বিনয় পিটক। পিটকসমূহৰ ভিতৰত বিনয় পিটকেই হ'ল বৌদ্ধসকলৰ বাবে সকলোতকৈ সন্মানীয়। এই পিটকৰ ভাগ তিনিটা- (১) সুত্ত বিভংগ, (২) খন্দক বা খন্ধক আৰু (৩) পৰিবাৰ পাঠ।

সুত্ত বিভংগ (সুত্তৰ ব্যাখ্যা) বহুতে ভবাৰ দৰে বুদ্ধদেৱৰ বক্তৃতা বা ভাষণ নাছিল, বৰং ই আছিল প্রতিজন ভিক্ষুরে নিজ জীৱনত মানি চলিব লগা আচাৰ-ব্যৱহাৰৰ ২২৭ টাৰ এক সূত্র তালিকা বা নিয়মাৱলী (পাতিমোক্স/প্রতিমোক্ষ)। এই পাঠ্য প্রতিটো বৌদ্ধ মঠতে মাহত দুবাৰ বাধ্যতামূলকভাৱে আবৃত্তি কৰিব লাগিছিল। উল্লেখযোগ্য যে এই নিয়মাৱলীৰ প্ৰথম চাৰিটা যথেষ্ট কঠোৰ আছিল, য'ত কিছুমান বিশেষ দোষ বা অপৰাধত বৌদ্ধ ভিক্ষুক মঠ বা বিহাৰৰ পৰা বিতাড়িত বা খেদি পঠিওৱাৰ ব্যৱস্থা আছিল। এই চাৰিটাৰ পিছৰ বিধিসমূহৰ ক্ৰমান্বয়ে কঠোৰতা হ্রাস পাই আহিছিল। সপ্তম বা অন্তিমভাগৰ দোষসমূহৰ বিধিবোৰত সাধাৰণ সভ্য আচৰণৰ বিষয়ে কোৱা হৈছিল। ইয়াৰ পৰিশিষ্টত আকৌ বিবাদ নিষ্পত্তিৰ নিয়মসমূহ উল্লিখিত হৈছে। অৱশ্যে এই ২২৭ টা বিধিৰ প্ৰতিটো কিয় প্রয়োজনীয় তাৰ প্ৰেক্ষাপটত একোটাকৈ কাহিনী লিপিৱদ্ধ কৰা হৈছিল।
বিনয় পিটকৰ দ্বিতীয় ভাগ 'খন্দক'ত সমগ্র বৌদ্ধ সম্প্রদায়ৰ জীৱন-নির্বাহৰ ক্ষেত্ৰত মানিব লগা নিয়ম-বিধিৰ ব্যাখ্যা দাঙি ধৰা হৈছে। এই খন্দক ভাগটো বাৰটা অংশত বিভক্ত আৰু ইয়াত বুদ্ধৰ জ্ঞানপ্রাপ্তি (enlightenment), বৌদ্ধ সংঘ প্রতিষ্ঠা আদি সম্পর্কে বর্ণনা দি শেষত ক্রমে ৰাজগৃহ আৰু বৈশালীত হোৱা প্রথম দুখন বৌদ্ধ মহাসভাৰ বিৱৰণ লিপিবদ্ধ কৰিছে। প্রথম দুই বৌদ্ধ মহাসভাৰ বিৱৰণ সন্নিবিষ্ট হৈ থকা হেতু বিনয় পিটকৰ এই দ্বিতীয়ভাগ 'খন্দক'ৰ যথেষ্ট ঐতিহাসিক গুৰুত্ব আছে। তদুপৰি ইয়াৰ দশম অংশত স্ত্ৰীসকলৰ সংঘত প্ৰৱেশৰ আচাৰ-বিধি, প্রায়শ্চিত্তৰ নিয়ম আদি বর্ণিত হৈছে, যিখিনি বুদ্ধই যথেষ্ট সংকোচৰ অন্তত সম্মতি প্রদান কৰিছিল।

'পৰিবাৰ পাঠ' হ'ল বিনয় পিটকৰ তৃতীয় ভাগ। ইয়াক সুত্ত বিভংগ আৰু খন্ধকৰ পৰিশিষ্টৰ এক হাতপুথি বুলিব পাৰি। প্রশ্নোত্তৰৰ সহায়ত ইয়াত বৌদ্ধধৰ্মৰ নিয়ম-নীতি বিষয়ক কথা ব্যাখ্যা কৰা হৈছে। প্রকৃততে এই হাতপুথিত কোনো নতুনত্ব নথকা হেতু পৰৱৰ্তী কালত কোনো ভিক্ষুৱে ৰচনা কৰি এই গ্রন্থ ত্রিপিটকৰ লগত সংযোজন কৰা বুলি বিবেচনা কৰা হয়।

(খ) সুত্ত পিটক: 'সুত্ত পিটক'ত বৌদ্ধধৰ্মৰ মূল সূত্র বা তত্ত্ববিলাক ব্যাখ্যা কৰা হৈছে। 'সূত্র' বা

'সুত্ত' শব্দৰে বুদ্ধৰ 'বচন', 'উপদেশ', বা 'বক্তৃতা'ৰ অৰ্থ বুজোৱা হয়। মুঠতে বৌদ্ধধৰ্মৰ ধ্যান-ধাৰণা

এই পিটকত সংৰক্ষিত হৈ আছে। প্রসংগক্রমে ক'ব পাৰি যে, বিনয় পিটক মূলতে বৌদ্ধ ভিক্ষুৰ ধৰ্ম

আচৰণ লৈ ৰচিত আৰু ই বৌদ্ধধৰ্মৰ বৃত্তৰ বাহিৰলৈ গৈ সর্বমানৱক আঁকোৱালি ল'ব পৰা নাই; কিন্তু

সূত্র পিটকৰ উপদেশ আৰু বাণী সৰ্বদেশৰ সৰ্বমানৱৰ অনুসৰণযোগ্য। বা সুত্তপিটক পাঁচটা নিকায় বা

সংকলন গ্ৰন্থৰ সমষ্টি। এই পাঁচটি নিকায় হ'ল- (১) দীঘ নিকায়, (২) মজঝিম নিকায়, (৩) সংযুক্ত নিকায়, (৪) অঙ্গুত্তৰ নিকায় আৰু (৫) খুদ্দক নিকায়। এই নিকায়সমূহৰ ভিতৰত খুদ্দক নিকায়ত আকৌ নানা ৰচনা আছে। এই ৰচনাসমূহৰ ভিতৰত 'ধম্মপদ'ক বৌদ্ধধৰ্মৰ সাৰ বুলিব পাৰি। খুদ্দক নিকায়ৰ অন্তৰ্গত 'জাতক' কেৱল বৌদ্ধ সাহিত্যৰে অমূল্য সম্পদ নহয়, ই ভাৰতীয় সাহিত্যকো গৌৰৱান্বিত কৰিছে আৰু পৃথিৱীৰ গল্প-সাহিত্যতো নিজ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। সুত্ত পিটকৰ মাজত গল্পৰসৰ প্ৰাচুৰ্য আছে, স্থানে স্থানে কবিতাৰ স্পৰ্শও পোৱা যায়। তদুপৰি সুত্ত পিটকত বহু ঐতিহাসিক তথ্যও পোৱা যায়। দীঘ নিকায়ত বুদ্ধদেৱ আৰু তেওঁৰ শিষ্যসকলৰ জীৱনৰ ঘটনাৱলীৰ উপৰি সমসাময়িক যুগৰ কিছু চিত্ৰ পোৱা যায়। দীঘলীয়া আকাৰৰ ৩৪ টা সূত্ৰৰ সমষ্টি বুলিয়ে ইয়াক দীঘ বা দীর্ঘ নিকায় বুলি অভিহিত কৰা হৈছে। মহাপৰিনির্বাণ সুত্তকে ধৰি বহু সুদীর্ঘ

বৌদ্ধ ধৰ্মৰ প্ৰকৃত স্বৰূপ থকা দীঘ নিকায় প্রাচীন ভাৰতৰ প্ৰথম দীঘলীয়া সাহিত্যিক ৰচনা। মঝিম নিকায়েও সমসাময়িক ব্রাহ্মণ্য ধৰ্মৰ যাগ-যজ্ঞৰ কথা আৰু জৈন ধৰ্মৰ কথা বৰ্ণনা কৰিছে। ইয়াত ১৫২ টা মধ্যম আকাৰৰ সুত্ত সংকলিত হৈছে। ইয়াত বৌদ্ধধর্ম সম্পর্কীয় বহু বিষয় কথোপকথনৰ জৰিয়তে ব্যাখ্যা কৰা হৈছে। বৌদ্ধধৰ্মৰ উপদেশাৱলী এই নিকায়ত কবিত্বপূর্ণ ভাষাতো বিবৃত হৈছে। সংযুক্ত নিকায়ত গল্পৰস গৌণ হয়, দার্শনিকতাক প্রাধান্য দিয়া হৈছে। অঙ্গুত্তৰ নিকায়ত বুদ্ধৰ মাহাত্ম্যই মুখ্যতঃ বর্ণিত হৈছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই মাহাত্ম্য বর্ণনাত বুদ্ধৰ ওপৰত দৈৱী মহিলা আৰোপৰ প্ৰয়াস কৰাৰ বাবে বহুতে অঙ্গুত্তৰ নিকায় পৰৱৰ্তীকালৰ ৰচনা বুলি গণ্য কৰে। সুত্ত পিটকৰ অন্তিম নিকায় খুদ্দক নিকায়ত ১৫ খন গ্রন্থ আছে। এই ১৫ খনৰ ভিতৰত 'ধম্মপদ' আৰু 'জাতক' বিখ্যাত আছিল বুলি পূর্বতে উল্লেখ কৰা হৈছে। এইখিনিতে ধম্মপদ (ধর্মপদ) আৰু জাতক সম্পর্কে এক সংক্ষিপ্ত আলোচনা কৰা হ'ল। ধম্মপদৰ

সৰ্বমুঠ ৪২৩ টা শ্লোকত বুদ্ধৰ বাণীসমূহ লিপিবদ্ধ আছে। এই শ্লোকসমূহৰ দ্বাৰা বুদ্ধৰ বাণীসমূহ অপূর্ব প্রাঞ্জলতাসহ পৰিৱেশিত হৈ আহিছে। ধম্মপদৰ বহু ভাবঘন সুন্দৰ শ্লোক গীতা আৰু মহাভাৰতৰ শ্লোকৰ ভাব আৰু ভাষাৰ লগত বহুপৰিমাণে মিলি যায়। ধম্মপদ সমকালীন যুগত ইমানেই জনপ্রিয় আছিল যে পাঁচটা ভাষাত এইবোৰ অনুবাদিত হৈছিল। ধম্মপদসমূহৰ জৰিয়তে গভীৰ আধ্যাত্মিক উপদেশ এনে সৰল ভাষাত আৰু প্ৰাঞ্জল কবিত্বৰ স'তে পৰিৱেশিত হৈছিল যে এইবোৰৰ যাদুকৰী মর্মস্পর্শিতাই বিস্ময়কৰ ৰূপ লৈছিল। ইফালে 'জাতক'সমূহ খুদ্দক নিকায়ৰ দশম গ্ৰন্থৰ অমূল্য সম্পদ। জাতক কাহিনীসমূহ মূলতে হ'ল বুদ্ধদেৱৰ পূৰ্বৱৰ্তী বিভিন্ন জন্মৰ কথা। বোধি লাভৰ আগতে বুদ্ধই যিবোৰ জন্মগ্রহণ কৰিছিল তাৰেই কাহিনী জাতকৰ বিভিন্ন গল্পত পৰিৱেশিত হৈছিল। জাতক কাহিনী গদ্য আৰু পদ্যৰ সংমিশ্রণত ৰচিত। জাতকৰ কোনো কোনো অংশ যথেষ্ট প্রাচীন বুলি তথ্য পোৱা যায়। ধৰ্মকথা আৰু গল্পৰসৰ সুন্দৰ সংমিশ্ৰণ জাতক কাহিনীবোৰত প্ৰায়ে প্রতিফলিত হয়। উল্লেখ্য যে, জাতক কাহিনীত বুদ্ধদেৱৰ জীৱনৰ ক্ৰমবিৱৰ্তনৰ পটভূমিকাত আমাৰ সভ্যতাৰেই ক্রমবিৱৰ্তনৰ পৰোক্ষ ইতিহাস লাভ কৰিব পাৰোঁ। সেয়েহে মৰিজ উইন্টাৰনিৎচ (Moriz Winternitz) এ লিখিছে যে- "The Jatakas are of inestimable value not only as regards literature and art, but also from the point of view of the history of civilisation."

(গ) অভিধম্ম পিটক: অভিধম্ম পিটক মূলতে বৌদ্ধধৰ্মৰ দাৰ্শনিক গ্রন্থ। এই গ্রন্থত দুৰূহ 'পৰমাৰ্থ তত্ত্ব' ব্যাখ্যা কৰা হৈছে। সেয়েহে এই গ্রন্থৰ আন এক নাম 'পৰমথদেহনা' (পৰমাৰ্থ দেশনা)। প্রজ্ঞাৰ তত্ত্বই এই পিটকৰ কেন্দ্ৰীয় আলোচ্য বিষয়। মুঠতে এই পিটক আন দুখনতকৈ তাত্ত্বিক আৰু পাণ্ডিত্যপূর্ণ। অভিধৰ্ম্মৰ অৰ্থও হ'ল 'ধৰ্মৰ উচ্চতৰ সূক্ষ্ম তত্ত্ব'। সেই কাৰণে ধৰ্মৰ তত্ত্বসমূহ ইয়াত সূক্ষ্মভাবে বিশ্লেষণ কৰা হৈছে। অৱশ্যে অভিধম্ম পিটক সাতখন দার্শনিক চিন্তামূলক গ্রন্থৰে গঢ়ি উঠিছে যদিও এই পিটকৰ লগত 'সুত্ত পিটক'ৰ বিষয়বস্তুৰ বহুল সাদৃশ্য আছে। সুত্ত পিটকত যিবোৰ সৰল উপদেশ ৰূপে লিপিৱদ্ধ, অভিধম্ম পিটকত সেইবোৰৰ তার্কিক আলোচনা কৰা হৈছে। বহুতো পণ্ডিতে ক'ব বিচাৰে যে সুত্ত পিটকত বিক্ষিপ্তভাবে উল্লিখিত প্রজ্ঞা বিষয়ক তত্ত্বসমূহকে ইয়াত প্রণালীবদ্ধভাৱে আলোচনা কৰা হৈছে আৰু সেয়েহে এই পিটক তাত্ত্বিক হৈ উঠিছে। প্রকৃতপক্ষে অভিধম্ম পিটকক সুত্ত পিটকৰে পৰিপূৰক গ্রন্থ বুলি ক'ব পৰা যায় 

Comments

Popular posts from this blog

Soft skill